ধিং, 15 নৱেম্বৰঃ নগাঁও জিলাৰ ধিঙত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে ধিং আৰক্ষী থানাৰ নৱনিৰ্মিত অত্যাধুনিক ভৱন ৷ অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত 1 কোটি 17 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হয় আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো ৷
ধিং আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - Dhing Police Station new building
অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত 1 কোটি 17 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা ধিং আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আনহাতে, উক্ত উদ্বোধনী সভাতে ধিং এক্সপ্ৰেছ হিমা দাসৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷
ধিং আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
উল্লেখ্য যে, উক্ত ভৱনটোৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আৰক্ষী তথা জনসাধাৰণে যৌথভাৱে মিলি অপৰাধীক নিঃশেষ কৰি সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ় দিব লাগিব ৷ আনহাতে, উক্ত সভাতে ধিং এক্সপ্ৰেছ হিমা দাসৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷
উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস ৷ লগতে উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ৷