অসম

assam

ETV Bharat / state

১৮ মাহতে বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - CM Himanta Biswa Sarma visited batadrava

বটদ্ৰৱাত উপস্থিত হৈ বহু প্ৰত্যাশিত বটদ্ৰৱা প্ৰকল্পৰ কামৰ খতিয়ান ললে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা প্ৰকল্পৰ কাম ১৮ মাহৰ ভিতৰতেই সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

cm-himanta-biswa-sarma-visited-batadrava
১৮ মাহতে বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

By

Published : May 29, 2021, 5:27 PM IST

নগাঁও, 29 মে’: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পৰ কামৰ বুজ লবলৈ শনিবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বটদ্ৰৱা থানৰ বেদখল মুক্ত ১৬০ বিঘা মাটিত নিৰ্মাণ হ’বলগীয়া বটদ্ৰৱা প্ৰকল্পৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আবন্টন দিছে ১৮৮ কোটি টকা ।

প্ৰকল্পস্থলীতে নগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে আন কেইবাটাও বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ লগত আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী । বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত স্থানীয় বিধায়িকা শিৱামনি বৰা ।

১৮ মাহতে বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

যোৱা ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে আধাৰশিলা স্হাপন কৰা বটদ্ৰৱা প্ৰকল্পৰ কাম কিছু লেহেমীয়া হৈছিল যদিও এতিয়াৰ পৰা পূৰ্ণগতিত নিৰ্মাণকাৰ্য চলিব বুলি দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই । ১৮ মাহৰ ভিতৰত গুৰুজনাৰ স্মৃতি বিজড়িত প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

তদুপৰি বটদ্ৰৱা প্ৰকল্পৰ কামত প্ৰাৰম্ভিক পৰ্যায়ত আহি পৰা কিছু অসুবিধা আজি দূৰ কৰা হ’ল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইফাল মুখ্যমন্ত্রী গৰাকীক গামোচা পিন্ধাবলৈ সম্পূৰ্ণ ক’ভিড প্ৰট’কল অমান্য কৰি ভিৰ কৰিছে একাংশই ।

লগতে পঢ়ক: শিৱসাগৰৰ হালোৱাটিঙত গাঞ্জা ব্যৱসায়ী আটক

ABOUT THE AUTHOR

...view details