অসম

assam

Batadrava Project: অহা মাঘমাহত উদ্বোধন হ’ব বটদ্ৰৱা প্ৰকল্প

By

Published : May 9, 2023, 4:39 PM IST

গুৰুজনাৰ জন্মস্থানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । অহা মাঘত উদ্বোধন কৰাৰ লক্ষ্য বটদ্ৰৱা প্ৰকল্পৰ (Batadrava Project)। ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰকল্প নিৰ্মাণৰ ৭০ শতাংশ কাম । মুঠ ব্যয় হ'ব দুশ কোটি টকা ।

CM Himanta Biswa Sarma in Batadrava
বটদ্ৰৱা প্ৰকল্পত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

বটদ্ৰৱা প্ৰকল্পত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নগাঁও, ৯ মে':গুৰুজনাৰ পৱিত্ৰ জন্মস্থানত মঙলবাৰে পুৱাই উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পুৱাৰ ভাগত জগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হৈ প্ৰথমে গুৰুজনাৰ আশিস বিচাৰি সেৱা আগবঢ়ায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma in Batadrava)। গুৰুজনাৰ পূণ্যভূমি বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীগৰাকীৰ আগমনক লৈ পুৱাৰে পৰাই উখল মাখল পৰিৱেশ বিৰাজ কৰে ।

প্ৰণিধানযোগ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত অসম চৰকাৰৰ পূঁজিৰে বটদ্ৰৱা থানৰ কাৰ্যালয় গৃহ, সভাগৃহ, সত্ৰাধিকাৰৰ বহা, অতিথিশালা আদি নতুন ৰূপত নিৰ্মাণ কাৰ্য চলি আছে । বটদ্ৰৱা থানত সেৱা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে থান চৌহদত ৰূপায়ন হৈ থকা উন্নয়নমূলক আঁচনিৰ কাম-কাজৰ বুজ লয় (CM discussed on Batadrava construction)।

বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ কাম চলিত বর্ষতে সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে (Batadrava Project visited Assam CM)। আগন্তক মাঘ মাহত এই প্ৰকল্পটো উদ্বোধন কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত শৰ্মাই । ইতিমধ্যে এই প্রকল্পটোৰ নিৰ্মাণ কাৰ্যৰ ৭০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানত সেৱা জনাই সত্ৰাধিকাৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ লগতো বাৰ্তালাপত মিলিত হয় । বটদ্ৰৱাৰ উন্নয়ন সন্দৰ্ভত পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীৰ হাতত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।

ইয়াৰ পিচতে ড৹ হিমন্ত শৰ্মা উপস্থিত হয় বটদ্ৰৱাৰ পুৰণি বাছ আস্থানৰ সমীপত প্ৰতিষ্ঠা হোৱা ভাৰতীয় ষ্টেট বেংকৰ শাখাত । তেওঁ ভাৰতীয় ষ্টেট বেংকৰ বটদ্ৰৱা শাখাটোৰ দ্বাৰ উন্মোচন কৰি ৰাইজৰ বাবে মুকলি কৰে (SBI Batadrava branch)। ইয়াৰ পিচতে বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য় যে এই প্ৰকল্পটোত মুঠ ব্যয় হ'ব দুশ কোটি টকা ।

লগতে পঢ়ক:Demand for teacher recruitment : শিক্ষক নাই; বিগত এসপ্তাহে বন্ধ ঘাহিগাঁও প্ৰাথমিক বিদ্যালয়

ABOUT THE AUTHOR

...view details