নগাঁও, 2 ফেব্ৰুৱাৰী : নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন(CM birthday celebrated at Nagaon) পালন কৰা হয় ৷ নগাঁও চহৰৰ নেহৰুৱালীত ২,২০০ গছি চাকি জ্বলাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন উদযাপন(Assam CM Himanta Biswa Sarma Turns 53) কৰে বিধায়কগৰাকীয়ে ৷ বিধায়ক ৰূপক শৰ্মাই ২,২০০ গছি চাকি জ্বলোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে কেকো কাটে ৷ বিধায়ক শৰ্মাৰ তৎপৰতাত বন্তিৰ পোহৰৰ লগতে ফটকা-আতচবাজিৰ পোহৰ আৰু শব্দয়ে এক উৎসৱমুখৰ পৰিবেশে সৃষ্টি কৰে নগাঁও চহৰখনত ৷
ইফালে জন্মদিনত কলঙৰ বাকৰিৰ পৰাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁৱৰ বিজেপিৰ নেতা-কৰ্মীসকলেও শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে (CM birthday celebrated by MLA Rupak Sarma) ৷ মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন কৰি বিধায়কগৰাকীয়ে কয় যে- "অসমী আইৰ সু-সন্তান ভাৰতবৰ্ষৰ ভিতৰতে উজ্জল নক্ষত্ৰ যাক লৈ প্ৰতিগৰাকী অসমীয়াই গৌৰৱ অনুভৱ কৰে, যাক লৈ আমি সুৰক্ষিত অনুভৱ কৰো, যি আমাৰ বাবে সাহস তেখেতৰ ৫৩ সংখ্যক জন্মদিন ৷