চামগুৰি,১৮ ফেব্ৰুৱাৰী :অসমৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত অন্যতম নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী চাপানালা অঞ্চল । বছৰটোৰ বিভিন্ন সময়ত চাপানালাৰ ইতিহাস প্ৰসিদ্ধ পৰ্যটন ক্ষেত্ৰ চম্পাৱতী কুণ্ডত ভিৰ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰ্যটক তথা অগণন বনভোজকাৰী দলে । যাৰ বাবে সততে বনভোজথলী অপৰিষ্কাৰ তথা আৱৰ্জনাময় হৈ পৰা পৰিলক্ষিত হয় ।
এই ঐতিহাসিক ঠাইখন যাতে কদৰ্য হৈ নপৰে তাৰ বাবে শেহতীয়াকৈ বঢ়মপুৰৰ এটা স্বেচ্ছাসেৱী সংগঠনে হাতত লৈছে এক প্ৰশসংনীয় পদক্ষেপ । প্ৰায় ৪০ গৰাকীকৈ স্থানীয় মহিলাৰ সহযোগত "টীম প্ৰাগজ্যোতিষপুৰ" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বহুকেইজন সদস্যই বনভোজস্থলী পুৱাৰ ভাগৰ পৰা পৰিষ্কাৰ কৰিছে । যাতে আগন্তুক দিনবোৰত পৰ্যটন ক্ষেত্ৰ খনলৈ আহিব লগা বনভোজকাৰী দল তথা পৰ্যটকসকলে বিনা-অসুবিধাৰেই উপভোগ কৰিব পাৰে চম্পাৱতীৰ নান্দনিক পৰিবেশ ।