অসম

assam

মিকিৰ বামুণী গ্ৰাণ্ট কাণ্ডৰ বিৰুদ্ধে নগাঁৱত নাগৰিক সভা

By

Published : Jan 5, 2021, 6:21 PM IST

Updated : Jan 5, 2021, 6:34 PM IST

বিগত ২৯ ডিচেম্বৰত কৃষকৰ ওপৰত চলা আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে মঙলবাৰে নগাঁৱত অনুষ্ঠিত হয় নাগৰিক সভা । নিখিল ভাৰত কৃষক সভা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি,চি পি আইৰ নগাঁও জিলা সমিতিৰ উপস্থিতিত অনুষ্ঠিত হোৱা নাগৰিক সভাত অংশগ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈয়ে ।

মিকিৰ বামুণী গ্ৰাণ্ট কাণ্ডৰ বিৰুদ্ধে নগাঁৱত নাগৰিক সভা
মিকিৰ বামুণী গ্ৰাণ্ট কাণ্ডৰ বিৰুদ্ধে নগাঁৱত নাগৰিক সভা

নগাঁও,5 জানুৱাৰীঃনগাঁৱৰ বামুণী মিকিৰ গ্ৰাণ্টৰ ৰায়তী খতিয়ানপ্ৰাপ্ত ভূমিৰ পৰা কৃষকক উচ্ছেদ কৰি এটা ব্যক্তিগত কোম্পানীক গতাই দিব বিচৰা কাৰ্যক লৈ অঞ্চলটোত আজিও অব্যাহত আছে উত্তেজনা । উল্লেখযোগ্য যে,বিগত ২৯ ডিচেম্বৰত কৃষকৰ ওপৰত চলা আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে মঙলবাৰে নগাঁৱত অনুষ্ঠিত হয় নাগৰিক সভা । নিখিল ভাৰত কৃষক সভা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি,চি পি আইৰ নগাঁও জিলা সমিতিৰ উপস্থিতিত অনুষ্ঠিত হোৱা নাগৰিক সভাত অংশগ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈয়ে ।

ইপিনে বামুণী মিকিৰ গ্ৰাণ্টৰ কৃষিভূমিত আজুৰ নামৰ ব্যক্তিগত কোম্পানীয়ে চলাই থকা পাৱাৰ প্ৰজেক্টৰ কাম বন্ধৰ দাবী উত্থাপন কৰে নাগৰিক সভাই। ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষকৰ ভূমি কোনো কাৰণতে ব্যক্তিগত কোম্পানীক দিয়া নহ’ব বুলিও নাগৰিক সভাত সিদ্ধান্ত গ্ৰহণ কৰে । লগতে ২৯ ডিচেম্বৰত কোনো দণ্ডাধীশ উপস্থিত নথকাকৈ আৰক্ষীয়ে অন্যায়ভাৱে কৃষকৰ লগতে মহিলাৰ ওপৰত আক্ৰমণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । আৰক্ষীৰ এনে বৰ্বৰতাৰ বিৰুদ্ধেও তদন্তৰ দাবী জনাইছে নাগৰিক সভাই । ইতিমধ্যে এই ঘটনাৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ লগতে আদালতত দুটাকৈ গোচৰ তৰা হৈছে বুলিও জনাইছে অধিবক্তা কৃষ্ণ গগৈয়ে ।

লগতে পঢ়কঃ অগপক এইডছ ৰোগী আখ্যা ৰকিবুল হুছেইনৰ

Last Updated : Jan 5, 2021, 6:34 PM IST

ABOUT THE AUTHOR

...view details