নগাঁও,২০ মে':অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে (Mysterious death of SI Junmoni Rabha)। ইতিমধ্যে চিআইডিয়ে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । কেইবাগৰাকী লোকক সোধাপোছা অব্যাহত ৰাখিছে চিআইডিয়ে । ইয়াৰ মাজতে বৃহস্পতিবাৰে ভাইৰেল হৈছিল এটা চাঞ্চল্যকৰ ফোন কল ৰেকৰ্ডিং ।
ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছতে ফোন ৰেকর্ডিঙক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক চর্চাৰ । ফোন কল ৰেকৰ্ডিং আছিল নগাঁও সদৰ আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাৰ (Police driver viral phone call recording)। ভূঞাই সংবাদ মাধ্যমৰ সন্মুখতো উক্ত ৰেকৰ্ডিঙৰ ভাষ্য নিজৰ বুলি স্বীকাৰ কৰাৰ লগতে ৰেকর্ডিঙত উল্লেখ কৰা বক্তব্য তেওঁৰ নিজৰ মনলৈ অহা কথা বুলিও উল্লেখ কৰে ।
আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাৰ চাঞ্চল্যকৰ ফোন ৰেকৰ্ডিং সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাছতে শুকুৰবাৰে গাড়ী চালক অনিল ভূঞাৰ ভাষ্য গ্ৰহণৰ বাবে তলব কৰে চিআইডিয়ে । আনহাতে নগাঁও আৰক্ষীৰ গেষ্ট হাউছত বাহৰ পাতি থকা চিআইডিৰ দলৰ সন্মুখত শুকুৰবাৰে বিয়লি উপস্থিত হয় অনিল ভূঞা (CID interrogates Anil Bhuyan)। অৱশ্যে অনিল ভূঞাৰ ভাষ্যত চিআইডিয়ে কোনবোৰ তথ্য লাভ কৰে সেয়া সময়ত হে লক্ষণীয় হ'ব ।
সমান্তৰালকৈ দুৰ্ঘটনা সংঘটিত কৰা কণ্টেইনাৰ ট্ৰাকখনৰ চালক সুমিত কুমাৰ পালকো জেললৈ প্ৰেৰণ কৰা হৈছে (Container truck driver sent to jail)। বৃহস্পতিবাৰে চিআইডিয়ে আৰক্ষীৰ গেষ্ট হাউছত সুমিত কুমাৰ পালক জেৰা চলাইছিল । ইয়াৰ পূৰ্বে দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসকো আৰক্ষীয়ে আটক কৰিছিল । প্ৰণৱ দাসকো চিআইডিয়ে জেলাৰ চলাইছিল । ইফালে সমগ্ৰ ঘটনাক লৈ ৰহস্য এতিয়াও অব্যাহত আছে (SI Junmoni Rabha death case)। জোনমণি ৰাভাক আচলতে হত্যা কৰা হৈছিল নেকি তাক লৈও বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে ।
লগতে পঢ়ক :Junmoni Rabha Accident Case : ট্ৰাক চালক সুমিত কুমাৰক চিআইডিৰ জেৰা