অসম

assam

ETV Bharat / state

CAAৰ বিৰোধিতাৰে নগাঁৱত বাতিল বৰদিনৰ কাৰ্যসূচী

সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি বৰদিনৰ কেইবাটাও কাৰ্যসূচী বাতিল নগাঁও বাপ্তিষ্ট মণ্ডলীয়ে ৷ এইবেলি নগাঁও গীৰ্জাত কেৱল ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

By

Published : Dec 24, 2019, 11:17 PM IST

nagaon
গীৰ্জা ব্যাপ্তিষ্ট মণ্ডলী

নগাঁও, 24 ডিচেম্বৰঃ বুধবাৰে বৰদিন। প্ৰত্যেক বছৰে আনন্দ উল্লাসেৰে বৰদিন উদযাপন কৰা নগাঁও বাপ্তিষ্ট মণ্ডলীয়ে এইবাৰ জাক জমকতাৰে উদযাপন নকৰে বৰদিন । সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি এইবাৰ বৰদিনৰ কেইবাটাও কাৰ্যসূচী বাতিল কৰিলে নগাঁও চহৰৰ একমাত্ৰ গীৰ্জা ব্যাপ্তিষ্ট মণ্ডলীয়ে ।

নগাঁৱত বৰদিনৰ কাৰ্যসূচী বাতিল

অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা মাইলচ ব্ৰংছনে 1846 চনত এই ব্যাপ্তিষ্ট মণ্ডলী স্থাপন কৰিছিল । কিন্তু সাম্প্ৰতিক সময়ত সংশোধিত নাগৰিকত্ব আইনে এই অসমীয়া ভাষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ আশংকাত গীৰ্জা সমিতিয়ে বাতিল কৰিছে বৰদিনৰ বিভিন্ন কাৰ্যসূচী । উল্লেখ্য যে, গীৰ্জা সমিতিয়ে প্ৰত্যেক বছৰে 23 ডিচেম্বৰত উলিওৱা সাংস্কৃতিক শুভাযাত্ৰা এইবেলি বাতিল কৰাৰ লগতে বৰদিনৰ দিনা সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰিছে ৷

লগতে পঢ়ক - ডিব্ৰুগড়ত জনতাৰ বজ্ৰ গৰ্জন

ABOUT THE AUTHOR

...view details