কলিয়াবৰ,22নৱেম্বৰ : কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ফ্ৰেণ্ডশ্বিপ ক্লাৱ জখলাবন্ধা ব্যৱস্থাপনাত এজাক শিশুৰ ফুটবল খেল। ফুটবল খেলক শিশুসকলৰ মাজত জনপ্ৰিয় কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ কাজিৰঙা ফুটবল একাডেমী আৰু কলিয়াবৰ কাজিৰঙা ফুটবল একাডেমীৰ মাজত হোৱা দুখনকৈ ফুটবল খেলে দৰ্শকক আমোদ দিয়ে।
ফুটবলক শিশুসকলৰ মাজত জনপ্ৰিয় কৰাৰ প্ৰয়াস কলিয়াবৰত - প্ৰতিযোগিতাখনত দৰ্শক হিচাপে
প্ৰতিযোগিতাখনত দৰ্শক হিচাপে উপস্থিত থাকি শিশুসকলক উৎসাহিত কৰে কলিয়াবৰ মহকুমাৰ সহযোগী অতিৰিক্ত আয়ুক্ত বাৰ্বী হাজৰিকাই।
ফুটবলক শিশুসকলৰ মাজত জনপ্ৰিয় কৰাৰ প্ৰয়াস কলিয়াবৰত
১১ বছৰ আৰু ১৩ বছৰৰ বয়স সীমাৰ শিশু খেলুৱৈৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত কলিয়াবৰ কাজিৰঙা ফুটবল একাডেমীয়ে গুৱাহাটী কাজিৰঙা ফুটবল একাডেমীক ২–১ গলত পৰাস্ত কৰে। ৯ বছৰ আৰু ১১ বছৰৰ বয়স সীমাৰ খেলুৱৈসকলৰ মাজত অনুষ্ঠিত দ্বিতীয়খন খেলত গুৱাহাটী কাজিৰঙা একাডেমীয়ে কলিয়াবৰ কাজিৰঙা ফুটবল একাডেমীক ৩–০ গলত পৰাস্ত কৰে।
লগতে পঢ়কঃআহোমৰ-ৰজাঘৰীয়াৰ তেজ আছে লুৰিণৰ গাত : মহেন্দ্ৰ হাজৰিকা