অসম

assam

By

Published : Jul 21, 2019, 9:05 AM IST

ETV Bharat / state

কলিয়াবৰত শিশু নাট কৰ্মশালা 'নাটকৰে ধেমালি'

আজি নিশা ২৯ টা শিশুৰ 'আখৰাৰ শেষত' নাট মঞ্চস্থৰে সামৰণি পৰিব এই পষেকীয়া শিশু নাট কৰ্মশালা ।

শিশু নাট কৰ্মশালা 'নাটকৰে ধেমালি'

কলিয়াবৰ, ২১ জুলাইঃ কলিয়াবৰত অনুষ্ঠিত হোৱা শিশু পষেকীয়া নাট কৰ্মশালা 'নাটকৰে ধেমালি'ৰ দেওবাৰে সামৰণি পৰিব । আজি নিশা ২৯ টা শিশুৰ 'আখৰাৰ শেষত' নাট মঞ্চস্থৰে সামৰণি পৰিব এই পষেকীয়া শিশু নাট কৰ্মশালাৰ । ৫ জুলাইৰ পৰা হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ আৰু সংস্কৃতিৰ যুটীয়া উদ্যোগত পষেকীয়া শিশু নাট কৰ্মশালাখন অনুষ্ঠিত কৰা হৈছিল ।

শিশু নাট কৰ্মশালা 'নাটকৰে ধেমালি'

জ্যেষ্ঠসকলৰ হাতত ধৰি শিশু নাট কৰ্মশালাৰ শিকাৰুসকল নাটকৰ আখৰাত ব্যস্ত হৈ পৰিছে । শিশুসকলে নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই শিশুসকলৰ বাবে ৰচনা কৰা নাট "আখৰৰ শেষত" নাটখন অভিনয় কৰিব । নাটখন কলিয়াবৰৰ প্ৰতিভাৱান নাট্যকৰ্মী সঞ্জীৱ শইকীয়া(গগন) আৰু ঝুনাকঙ্কন ভূঞাই পৰিচালনা কৰিছে । উদীয়মান সাংস্কৃতিক তথা নাট্যকৰ্মী প্ৰাঞ্জল মহন্ত, সঞ্জীৱ শইকীয়া, ঝুনাকঙ্কন ভূঞা, কৌশিক গোস্বামী, উপাসনা মহন্ত, বিষ্ণুপ্ৰসাদ বৰা, জিতু বৰাৰ দ্বাৰা প্ৰশিক্ষিত ব্যক্তিত্ব বিকাশৰ এক পথৰ সন্ধানত যোৱা পষেকটোৰ সাৰ্থকতা আৰু শ্ৰম দেওবাৰে শ্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা মঞ্চস্থ হ'বলগীয়া নাটখনত অনুভূত হ'ব । এই প্ৰয়াসত মুৰুলী বৰা, জয়ন্ত কুমাৰ শৰ্মা, ভৱেন বৰুৱা, জিতু আহমেদ ভূপেন্দ্ৰ নাথ হাজৰিকা, সমুদ্ৰ বৰদলৈ, পৰেশ নাথ ভূঞা ৰূপজ্যোতি গোস্বামীকে ধৰি বহুকেইজন সাংস্কতিক কৰ্মীৰ শ্ৰমো অনস্বীকাৰ্য‍ ।

ABOUT THE AUTHOR

...view details