অসম

assam

ETV Bharat / state

নগাঁৱত অকণিৰ মেলৰ উদ্যোগত শিশু সমাৰোহ - nagaon children conferance

প্ৰায় এহেজাৰ শিশুৰ অংশগ্ৰহনৰে আৰম্ভ হোৱা শিশু সমাৰোহত শিশুসকলৰ নৃত্য গীতৰ লগতে বহতো বাৰেৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰে ৷

নগাঁও
নগাঁৱত অকণিৰ মেলৰ উদ্যোগত শিশু সমাৰোহ

By

Published : Dec 28, 2019, 7:21 PM IST

নগাঁও, 28 ডিচেম্বৰঃঅকণিৰ মেলৰ উদ্যোগত নগাঁৱত শিশু সমাৰোহ । প্ৰায় এহেজাৰ শিশুৰ উপস্থিতিত উখল-মাখল আদৰ্শনগৰ মিলনপুৰ । সমাৰোহত উন্মোচন কৰা হ'ল শিশুৰ হাতেলিখা আলোচনী 'খাগৰিজান'।

উল্লেখ্য যে, স্বেচ্ছাসেৱী অনুষ্ঠান মাৰ্গৰ সহযোগত মিলনপুৰৰ অকণিৰ মেলৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শিশু সমাৰোহ । প্ৰায় এহেজাৰ শিশুৰ অংশগ্ৰহনৰে আৰম্ভ হোৱা শিশু সমাৰোহত শিশুসকলৰ নৃত্য গীতৰ লগতে বহুতো বাৰেৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰে ৷

নগাঁৱত অকণিৰ মেলৰ উদ্যোগত শিশু সমাৰোহ

অনুষ্ঠানত অংশগ্ৰহণ কৰা শিশুসকলেই অসমীয়াই স্বাভিমান গামোচা আঁৰি সুন্দৰকৈ সঁজাইছে অনুষ্ঠানস্থলী । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প কুমাৰ ডেকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ড৹ কৰৱী ডেকা হাজৰিকা, নগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক চন্দনজ্যোতি বৰাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ।

আৰু পঢ়কঃ শীঘ্ৰেই আহি আছে ভাৰতীয় ৰেলৰ দ্বিতীয়খন টেজাছ এক্সপ্ৰেছ

ABOUT THE AUTHOR

...view details