অসম

assam

By

Published : Nov 30, 2020, 10:01 PM IST

ETV Bharat / state

Free Fire খেলঃ মাতৃয়ে ম'বাইল কাঢ়ি নিয়াৰ বাবে আত্মহত্যা কিশোৰৰ

ৰূপহীহাটৰ জুৰীয়াৰ আধাখুন্দা গাৱঁত সংঘটিত হৈছে এক গাৰ নোম শিয়ৰি উঠা ঘটনা । Free Fire খেল খেলিবলৈ নিদিয়াৰ বাবেই আত্মহত্যাৰ পথ বাছি ল'লে এটি 12 বছৰীয়া কিশোৰে।

child-suicide-for-mobile
Free Fire খেলঃ মাকে মোবাইল ফোন কাঢ়ি নিয়াৰ বাবেই আত্মহত্যা কিশোৰৰ

ৰূপহীহাট, 30 নৱেম্বৰ: নতুন প্ৰজন্মৰ শিশুসকলৰ বাবে এটি জনপ্ৰিয় অনলাইন খেল Free Fire । এই Free Fire খেলৰ বাবেই এইবাৰ এইখন অসমতেই প্ৰাণ হেৰুৱাবলগীয়া হৈছে এটি কিশোৰে। ৰূপহীহাটৰ জুৰীয়াৰ আধাখুন্দা গাঁৱত সংঘটিত হৈছে এই গাৰ নোম শিয়ৰি উঠা ঘটনা । Free Fire খেল খেলিবলৈ নিদিয়াৰ বাবেই আত্মহত্যাৰ পথ বাছি ল'লে এটি 12 বছৰীয়া কিশোৰে।

গেম খেলি থকাৰ সময়ত মাকে বিচাৰিছিল ম'বাইলটো, কিন্তু ম'বাইলটো দিব বিচৰা নাছিল কিশোৰটিয়ে ‌। পাছত ম'বাইলটো মাকে লৈ বজাৰলৈ যোৱাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ আত্মহত্যাৰ পথ বাছি লৈ কৰুণ মৃত্যুক সাৱতি ল'লে কিশোৰটিয়ে। যাৰ বাবে পিতৃহীন কিশোৰটিৰ মৃত্যুত কান্দোনত ভাগি পৰিছে মাকৰ লগত পৰিয়ালৰ সকলো ৷ ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।‌

লগতে পঢ়ক: অ এম বি নিৰ্দেশক হিচাপে নীৰা টেণ্ডনক মনোনীত কৰাৰ ইচ্ছা বিডেনৰ!

ABOUT THE AUTHOR

...view details