কলিয়াবৰ, 2 মে’ : পুত্ৰ সন্তানৰ দৰেই কন্যা সন্তানকো সকলো সা-সুবিধা প্ৰদানেৰে জীয়াই থকাৰ মৰ্যাদা প্ৰদানৰ লক্ষ্য আগত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ‘বেটী বচাও, বেটী পঢ়াও’ শীৰ্ষক আঁচনিখন ৰূপায়ণ কৰিছিল ৷ উক্ত আঁচনিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২২ জানুৱাৰীত হাৰিয়ানাত উন্মোচন কৰিছিল (Beti Bachao Beti Padhao scheme) ।
উক্ত আঁচনিৰ অধীনত কন্যা সন্তানৰ জীৱন ধাৰণ সুনিশ্চিত কৰাৰ লগতে কন্যা সন্তানৰ জীৱনলৈ আহিব পৰা অনিশ্চয়তা দূৰীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে দিনক দিনে ছোৱালীৰ সংখ্যা হ্ৰাস পোৱাটো ৰোধ কৰাৰ উদ্দেশ্যে উক্ত আঁচনিখন সমগ্ৰ দেশতে ৰূপায়ণ কৰা হৈছে । কিন্তু সম্প্ৰতি কলিয়াবৰত ইয়াৰ এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে ৷