অসম

assam

ETV Bharat / state

Tragic incident in Nagaon: মাতৃয়ে বনোৱা ঈদৰ জলপান খাবলৈ নাপালে দুৰ্ভগীয়া ফাৰহানাই - ঈদগাহৰ পৰা ঘূৰি নাহিল ফাৰহানা

ঈদৰ দিনাই নগাঁৱত কৰুণ ঘটনা । পিতৃৰ সৈতে হাঁহিমুখে ঈদলৈ বুলি ঘৰৰ পৰা ওলোৱা ফাৰহানা নামৰ এটি কণমানি উভতিল শৱদেহ হৈ । পিতৃৰ সৈতে ঈদৰ নামাজলৈ যোৱাৰ পথতেই মৃত্যু এটি কণমানিটিৰ । শোকত ম্ৰিয়মান পৰিয়ালৰ লোক (Child dies on Eid day in Nagaon) ।

Child dies on Eid day in Nagaon
ঈদগাহৰ পৰা ঘূৰি নাহিল ফাৰহানা

By

Published : Apr 22, 2023, 6:26 PM IST

ঈদগাহৰ পৰা ঘূৰি নাহিল ফাৰহানা

নগাঁও,২২ এপ্ৰিল: ঈদ-উল-ফিতৰক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ (Eid al Fitr Celebration in Assam) । কিন্তু ইয়াৰ মাজতে নগাঁৱত পৱিত্ৰ ঈদৰ দিনাই সংঘটিত হয় এক কৰুণ ঘটনা । আন ইছলাম ধৰ্মাৱলম্বী লোকৰ দৰেই নগাঁৱৰ শিয়ালমাৰীৰ ফখৰ উদ্দিনৰ ঘৰতো পুৱাৰ পৰা বিৰাজ কৰিছিল উৎসৱমুখৰ পৰিবেশ ।

সকলোৰে মুখত আছিল কেৱল হাঁহি । কিন্তু মাত্ৰ কিছু মুহুৰ্তৰ ভিতৰতে সকলো হাঁহি নোহোৱা হ'ল ফখৰউদ্দিনৰ ঘৰত । ঘৰখনত কেৱল কান্দোনৰ ৰোল । উৎসৱ আনন্দৰ বিপৰীতে শোকাকূল পৰিবেশ ফখৰ উদ্দিনৰ বাসগৃহত । কিন্তু হঠাৎ কিয় নোহোৱা হ'ল ঘৰখনৰ সকলো স্ফূৰ্তি আনন্দ ? কাৰণ ঘৰটোৰ আটাইতকৈ মৰমলগা কণমানি আছিল ফাৰহানা ।

ঈদৰ স্ফূৰ্তি উপভোগ কৰিবলৈ পিতৃৰ সৈতে আন শিশু কিশোৰ, কিশোৰীৰ দৰে ফাৰহানাও হাঁহিমুখে ওলাই গৈছিল ঘৰৰ পৰা । কিন্তু হাঁহিমুখে ঘৰৰ পৰা ওলাই যোৱা ফাৰহানা আৰু হাঁহিমুখে উভতি আহিব নোৱাৰিলে ঘৰলৈ (Child dies on Eid day in Nagaon) । আন শিশু, কিশোৰ-কিশোৰীৰ দৰেই হয়তো ঈদৰ পৰাই বেলুন, পুতলা পিষ্টল আদি কিনাৰ ইচ্ছা আছিল ফাৰহানাৰ ।

কিন্তু সেয়াও যেন সম্ভৱ নহ'ল ফাৰহানাৰ বাবে । মাতৃয়ে বনাই থোৱা ঈদৰ খাদ্যও আৰু খাবলৈ ভাগ্য নহ'ল ফাৰহানাৰ । কাৰণ ঘৰৰ পৰা হাঁহি হাঁহি ওলাই যোৱা ফাৰহানা কিছু সময় পিছতেই ঘৰলৈ উভতি আহিল শৱদেহ হৈ । পিতৃৰ সৈতে ঈদৰ নামাজলৈ গৈ আছিল ফাৰহানা । নগাঁৱৰ মধ্য শিয়ালমাৰীৰ ঈদগাহৰ সন্মুখ পাইছিল হে । পাৰ হৈ আছিল উন্মুক্ত ৰেলৰ ক্ৰছিং (Tragic incident in Nagaon) ।

সেই সময়তেই শিলঘাটৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰেলখন ৷ ৰেল পথ অতিক্ৰম কৰাৰ সময়তেই শিলঘাট গুৱাহাটী অভিমুখী ৰেলে মুহুৰ্তৰ ভিতৰতে মহতিয়াই নিলে পিতৃৰ সৈতে ঈদৰ নামাজলৈ যোৱা ফাৰহানাক । দুৰ্ঘটনাত পতিত হোৱা ফাৰহানাক ততাতৈয়াকৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ফকৰুদ্দিনৰ কন্যা ফাৰহানাক ।

পৰিয়ালৰ লোকে এই খবৰ লাভ কৰাৰ পিছতেই ঘৰখনত মুহুৰ্তৰ ভিতৰতে ম্লান পৰে ঈদৰ সকলো উৎসৱ, আনন্দ । ফখৰ উদ্দিনৰ পৰিয়ালৰ লগতে শিয়ালমাৰী অঞ্চলৰ প্ৰতিজন লোককে শোকাকূল কৰি তোলে ফাৰহানাৰ এনে আকস্মিক মৃত্যুৰ খবৰে । ঈদলৈ ওলাই যোৱা ফাৰহানাক হেৰুওৱা পৰিয়ালত এতিয়া কেৱল হিয়াভগা কান্দোনৰ ৰোল । সকলোৱে কামনা কৰিছে চিৰশান্তি লাভ কৰক ফাৰহানাৰ বিদেহ আত্মাই ।

লগতে পঢ়ক:Girl rescued in Bihar: বিহাৰৰ পৰা উদ্ধাৰ মেৰাপানীৰ যুৱতী

ABOUT THE AUTHOR

...view details