কলিয়াবৰ, 3 অক্টোবৰ :আজি মহা অষ্টমী (Maha Ashtami 2022) ৷ মহিষ মৰ্দিনী মা দুৰ্গাৰ আৰাধনাত ব্যস্ত এতিয়া ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ (Durga Puja 2022) ৷ কি উজনি, কি নামনি ৰাজ্যৰ সকলো প্ৰান্ততে এতিয়া কেৱল শুনিবলৈ পোৱা গৈছে ধাক-ঢোল, উৰুলি আদিৰ শব্দ ৷ এক প্ৰকাৰে ভক্তিৰসত বুৰ গৈছে ৰাজ্যৰ ভিন্ন পূজা মণ্ডপসমূহ ৷
প্ৰত্যেক বছৰৰ দৰে এই বছৰো মা দুৰ্গাৰ আৰাধনাত মগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ৷ মুখত কেৱল দেৱী বন্দনা, দুচকুত ভক্তিৰসৰ সাগৰ বোৱাই কলিয়াবৰৰ শিলঘাটত থকা অসমৰ দ্বিতীয় শক্তিপীঠ শ্ৰীশ্ৰীকামাখ্যা দেৱালয়ত মহাঅষ্টমীত পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছে মুখ্য সচিবগৰাকী (Paban Kumar Borthakur at Silghat Kamakhya Devalaya) ৷
লগতে পঢ়ক :নগাঁৱৰ বিভিন্ন পূজা মণ্ডপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আনকি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজেও ভিৰ কৰা পৰিলক্ষিত হয় শিলঘাট কামাখ্যা দেৱালয়ত ৷ জানিব পৰা মতে, জন্মসূত্ৰে কলিয়াবৰৰ কামাখ্যা গাঁৱৰ বাসিন্দা পৱন কুমাৰ বৰঠাকুৰৰ পৰিয়ালটিয়ে অতীজৰে পৰা শ্ৰীশ্ৰীকামাখ্যা দেৱালয়ৰ পুৰোহিতৰ দায়িত্ব পালন কৰি আহিছে ।
শিলঘাটৰ কামাখ্যা দেৱালয়ত মা দুৰ্গাৰ আৰাধনাত ব্যস্ত পৱন কুমাৰ বৰঠাকুৰ সেই সূত্ৰে প্ৰতি বছৰে দুৰ্গা পূজাত পূজা অৰ্চনা কৰিবলৈ কলিয়াবৰলৈ আহে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু তেওঁৰ পৰিয়াল । সেয়ে এইবাৰো মহা অষ্টমীৰ দিনা অৰ্থাৎ সোমবাৰে সম্পূৰ্ণ বৈদিক নিয়মৰ মাজেৰে পূজা-অৰ্চনাত মগ্ন হৈ পৰা পৰিলক্ষিত হ’ল ৰাজ্যৰ নৱ নিযুক্ত মুখ্য সচিবগৰাকীক (Paban Kumar Borthakur at Kamakhya Devalaya) ৷
উল্লেখ্য যে, মুখ্য সচিব দায়ীত্বভাৰ গ্ৰহণ কৰাৰ পাচত পোন প্ৰথমবাৰৰ বাবে ৰাজ্যৰ দ্বিতীয় শক্তিপীঠ ঐতিহাসিক শ্ৰীশ্ৰীকামখ্যা দেৱালয়ত পূজা অৰ্চনা কৰিবলৈ আহিল পৱন কুমাৰ বৰঠাকুৰ ৷ ৰাজ্যবাসীৰ মংগল কামনাৰে অসমৰ দ্বিতীয় শক্তিপীঠ কলিয়াবৰস্থিত শিলঘাট কামাখ্যা দেৱালয়ত পূজা অৰ্চনা কৰে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে ।
লগতে পঢ়ক :মহাষ্টমী উপলক্ষে নলবাৰীৰ কলেজ চ'ক পূজা মণ্ডপত ভক্তৰ লানি নিচিগা ভিৰ