অসম

assam

By

Published : Oct 25, 2022, 5:36 PM IST

ETV Bharat / state

Assam CS at Kaliabor: নিজে পঢ়া বিদ্যালয়ত ৰাজ্যৰ মুখ্য সচিব

স্কুলীয়া শিক্ষা সম্পন্ন কৰা কলিয়াবৰ উচ্চতৰ মাধ্যধিক বিদ্যালয়ত উপস্থিত ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ (Assam CS at kaliabor school where he studied)। বিদ্যালয়ৰ শিক্ষাগুৰুসকলক কৃতজ্ঞতা জ্ঞাপন মুখ্য সচিবৰ । প্ৰয়াত প্ৰাক্তন শিক্ষাগুৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্য সচিবৰ ।

Assam CS
নিজে পঢ়া বিদ্যালয়ত ৰাজ্যৰ মুখ্য সচিব

কলিয়াবৰ,২৫ অক্টোবৰ :১৯৮৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক বিষয়া পৱন কুমাৰ বৰঠাকুৰে যোৱা ৩১ আগষ্টত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিছিল (Assam Chief Secretary Pawan Kumar Barthakur)। কলিয়াবৰৰ সন্তান পৱন কুমাৰে বৰঠাকুৰে মুখ্য সচিব হিচাপে নিযুক্তি লাভ কৰাৰ পাছতে তেওঁ জন্মস্থান কলিয়াবৰত আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছিল । আনকি তেওঁ পঢ়া বিদ্যালয়তো আনন্দৰ বন্যা নিগৰিছিল ।

নিজে পঢ়া বিদ্যালয়ত ৰাজ্যৰ মুখ্য সচিব

অৱশ্যে মুখ্য সচিবগৰাকীয়েও বিভিন্ন সময়ত তেওঁৰ বিদ্যালয় আৰু শিক্ষাগুৰুসকলক স্মৰণ কৰা দেখা গৈছে । ইয়াৰ মাজতে মঙলবাৰে মুখ্য সচিবগৰাকী উপস্থিত হয় তেওঁ পঢ়া বিদ্যালয় কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । নিজে পঢ়া বিদ্যালয়খনক কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে শীৰ্ষ বিষয়াগৰাকী উপস্থিত হয় বিদ্যালয়খনত । বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাগুৰুসকলক কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে শিলঘাটস্থিত বিদ্যালয়খনত উপস্থিত হয় মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ।

একালৰ ছাত্ৰ তথা বৰ্তমানৰ দক্ষ ভাৰতীয় প্ৰশানিক সেৱাৰ বিষয়া পৱন কুমাৰ বৰঠাকুৰ উপস্থিত হোৱাৰ লগে লগে বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল যথেষ্ট আনন্দিত হয় । বিশেষ অনুষ্ঠানৰ জৰিয়তে একালৰ ছাত্ৰগৰাকীক সম্বৰ্ধনা জনাই বিদ্যালয় কৰ্তৃপক্ষই (Chief Secretary felicitated at Kaliabor HS School)। ইফালে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে শৈক্ষিক বিষয়ৰ ওপৰত মত-বিনিময় কৰে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে ।

নিজে শিক্ষাগ্ৰহণ কৰা বিদ্যালয়খনৰ অভাৱ-অভিযোগৰো বুজ লয় আৰু সেয়া শীঘ্ৰেই সমাধান কৰাৰো আশ্বাস প্ৰদান কৰে মুখ্য সচিবগৰাকীয়ে । অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ৫গৰাকী শিক্ষাগুৰুক সম্বৰ্দ্ধনা জনায় মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে । লগতে প্ৰয়াত শিক্ষাগুৰুসকলৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে মুখ্য সচিব গৰাকীয়ে ।

উল্লেখ্য যে, ৰাজ্যৰ মুখ্য সচিব আই.এ.এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰৰ জন্ম হৈছিল কলিয়াবৰৰ কামাখ্যা গাঁৱত । কামাখ্যা প্ৰাথমিক বিদ‍্যালয়ৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলি ১৯৭৯ চনত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল পৱন কুমাৰ বৰঠাকুৰ ।

লগতে পঢ়ক :Football Tournament at Dibrugarh: শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

ABOUT THE AUTHOR

...view details