নগাঁও, 19 অক্টোবৰ : এছ আই কেলেংকাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জড়িত বুলি বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ। সোমবাৰে নগাঁৱত আয়োজন হোৱা এখন সভাত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন হয় । শেহতীয়াকৈ ৰাজ্য তোলপাৰ লগোৱা এছ আই কেলেংকাৰীত গৃহ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জড়িত থকা বুলি এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে । বিজেপি চৰকাৰে অসমত গণতন্ত্ৰ হত্যা কৰা বুলিও উল্লেখ কৰি হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক ধনে জনে সহায় কৰি অসমীয়া জাতিক ভাগ ভাগ কৰাৰ চেষ্টা কৰা বুলি মন্তব্য কৰে ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক ৰুবুল দাসে ।
ইপিনে আগন্তক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধেশৰাইঘাটৰ শেষ ৰণ বুলি মন্তব্য কৰি বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত প্ৰতিটো নতুন আঞ্চলিক ৰাজনৈতিক দলক একত্ৰিত হবলৈ আহ্বান জনায় ৰুবুল দাসে। ৰাইজৰ দলৰ উত্থানত বিজেপি এতিয়া শংকিত বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়কগৰাকীয়ে ।