বঢ়মপুৰ,27 মাৰ্চ:৮৭ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ কঠিয়াতলীৰ এক নিৰ্বাচনী জনসভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, বঢ়মপুৰত ৰাইজে এজন দক্ষ আৰু যোগ্য প্ৰতিনিধি নিৰ্বাচিত কৰিব লাগিব । জিতু গোস্বামী এগৰাকী দক্ষ, যোগ্য ব্যক্তি । জিতু গোস্বামীয়ে সামাজিক নিৰাপত্তা দিব বুলি মন্তব্য প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে ৷
"ৰাইজৰ আস্থা আৰু বিশ্বাসক লৈ বিজেপিয়ে কাম কৰিছে । কংগ্ৰেছৰ দিনত প্ৰতিটো কামৰ বাবে মাননি দিব লগা হৈছিল । এতিয়া স্বচ্ছ নিকা পদ্ধতিৰে হিতাধিকাৰীক আঁচনি দিয়া হৈছে । অসমৰ মানুহ বিজেপিৰ বাবে এতিয়া সুৰক্ষিত । মহিলা শক্তি মহাশক্তি- সভাত এইদৰে মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
ইফালে বিজেপিয়ে চাহ মজদুৰক শ্ৰদ্ধা কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, প্ৰিয়ংকা গান্ধীয়ে কেৱল চাহপাতৰ দুটা পাত ছিঙি সামাজিক মাধ্যমত ফটো আপলোড দিলে । ৮ ঘণ্টা কাম কৰক তেতিয়াহে বুজিব । কংগ্ৰেছ-এআইইউডিএফ জনতাৰ শত্ৰু । দুয়োটা দলে বাংলাদেশী আনি চৰকাৰ কৰিব বিচাৰিছে বুলি কয় মুখ্যমন্ত্ৰী সোণোৱালে ।