নগাঁও, 9 এপ্ৰিলঃ নগাঁও ৰূপহীহাটত মণি মাধৱৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰচাৰ সভাত সোণোৱালৰ উদাত্ত ভাষণত ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছক দলক ৷
ৰূপহীহাটত মণি মাধৱৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান - Chief Minister
প্ৰধানমন্ত্ৰী মোদীক সমৰ্থন কৰি নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো জাতি- জনজাতি, সংখ্যালঘুৰ সম-বিকাশ, সকলোৰে সমান নিৰাপত্তা দিয়াৰ লগতে সংখ্যালঘু লোকক আস্থাত লৈ সংখ্যালঘুৰ উন্নয়নৰ বাবে সৰ্বাধিক ধন বিজেপি চৰকাৰেই আবন্টন দিছে বুলিও মন্তব্য দিয়ে ।
সংখ্যালঘু অধ্যুষিত ৰূপহীহাটৰ জুৰীয়াত হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । কংগ্ৰেছৰ ভোট বেংক হিচাপে পৰিচিত জুৰীয়াত বিজেপিয়ে ধৰ্ম, ভাষাৰ নামত ৰাজনীতি নকৰে,ধৰ্মৰ নামত ৰাজনীতি কৰে কংগ্ৰেছেহে কৰে বুলি দাবী মুখ্যমন্ত্ৰীৰ।
বিজেপিক ধৰ্মীয় সংখ্যালঘুৰ বিৰোধী বুলি কংগ্ৰেছে মিছা অপ্ৰচাৰ চলাইছে এই বুলিও মন্তব্য দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । প্ৰধানমন্ত্ৰী মোদীক সমৰ্থন কৰি নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো জাতি- জনজাতি,সংখ্যালঘুৰ সম-বিকাশ, সকলোৰে সমান নিৰাপত্তা দিয়াৰ লগতে সংখ্যালঘু লোকক আস্থাত লৈ সংখ্যালঘুৰ উন্নয়নৰ বাবে সৰ্বাধিক ধন বিজেপি চৰকাৰেই আবন্টন দিছে বুলিও মন্তব্য কৰে । বিজেপি চৰকাৰে ভৱিষ্যতেও সংখ্যালঘুৰ সকলো উন্নয়ন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংখ্যালঘু লোকক মণি মাধৱক ভোট দি জয় যুক্ত কৰিবলৈ আহ্বান জনায় ৷