অসম

assam

ETV Bharat / state

পত্নী ৰিণিকীসহ গুৰুজনাৰ জন্মস্থানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা - কেন্দ্ৰীয় গৃহমন্ত্ৰী

মুখ্যমন্ত্ৰী মন্ত্ৰী ড৹ শৰ্মাৰ প্ৰচেষ্টাত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা (batadrava) থানৰ মণিকূট, কীৰ্তনঘৰ আৰু নাটঘৰৰ মজিয়া আৰু উন্নত প্ৰযুক্তিগত চিলিং উন্নয়ন, বৈদ্যুতিকৰণৰ কামৰ লগতে খুঁটাৰ ৰঙকে ধৰি যাৱতীয় সকলোখিনি কৰি দিব বুলি মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে সেই কথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ আগত প্ৰকাশ কৰিছিল । বুধবাৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই পত্নী ৰিণিকী ভূঞাক লগত লৈ সেই কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।

chief-minister-dr-himanta-biswa-sharma-at-batadrva-with-wife-riniki
পত্নী ৰিণিকীসহ গুৰুজনাৰ জন্মস্থানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Jul 21, 2021, 8:30 PM IST

নগাঁও, 21 জুলাই : বুধবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ (sankardev) পৱিত্ৰ জন্মস্থান বটদ্ৰৱা (batadrava) থান দৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (HIMANTA BISWA SARMA) । মুখ্যমন্ত্ৰী মন্ত্ৰী ড৹ শৰ্মাৰ প্ৰচেষ্টাত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা (batadrava) থানৰ মণিকূট, কীৰ্তনঘৰ আৰু নাটঘৰৰ মজিয়া আৰু উন্নত প্ৰযুক্তিগত চিলিং উন্নয়ন, বৈদ্যুতিকৰণৰ কামৰ লগতে খুঁটাৰ ৰঙকে ধৰি যাৱতীয় সকলোখিনি কৰি দিব বুলি মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে সেই কথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ আগত প্ৰকাশ কৰিছিল । বুধবাৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই পত্নী ৰিণিকী ভূঞাক লগত লৈ সেই কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।

বটদ্ৰৱা থানত পূৰ্বতে থকা টাইলছৰ বিপৰীতে এতিয়া মাৰ্বলৰ ব্যৱস্থা কৰে তেওঁ । এই কামৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বটদ্ৰৱা থানৰ মজিয়াৰ লগতে সৌন্দর্য বৃদ্ধিৰ কামৰ ক্ষেত্ৰত "ৰাজধানী মাৰ্বলছ" আৰু প্ৰাইডিচ এণ্টাৰটেইনমেণ্ট"ৰ লগতে বহুকেইজন সুহৃদৱান লোকৰ সহযোগিতাত এই কাম কৰা হৈছে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে । তদুপৰি বহু পুৰণি বহাকে ধৰি থান পৰিচালনা সমিতিৰ কাৰ্যালয় আৰু সভাগৃহ ন-ৰূপত সজোৱাৰ বাবে ইতিমধ্যে লোক নিৰ্মাণ বিভাগক দায়িত্ব দিয়া বুলি মন্তব্য কৰে ৷

বটদ্ৰৱাৰ বৃহৎ সাংস্কৃতিক প্ৰজেক্ট অতি কম সময়ৰ ভিতৰত ঐতিহ্যৰ সৈতে এটা ন-ৰূপত ৰাইজে দেখা পাব বুলি তেওঁ সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে ।

পত্নী ৰিণিকীসহ গুৰুজনাৰ জন্মস্থানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ড৹ শৰ্মাৰ এনে কাৰ্যক এতিয়া সকলোৱে শলাগ লৈছে । বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । গুৰুজনাৰ জন্মস্থানত বিশেষকৈ পৰ্যটন ক্ষেত্ৰৰ বিকাশ, গুৰু দুজনাৰ ঐতিহ্যময় আধ্যাত্মিক কলাৰ প্ৰচাৰ-প্ৰসাৰৰ সম্ভাৱনাই অঞ্চলবাসীৰ মাজত সঞ্চাৰ কৰিছে আশাৰ প্ৰতিফলন । জাতীয় জীৱনৰ ভেটি গঢ়াৰ সংকল্পৰে আগবাঢ়ি যোৱা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত বেদখলমুক্ত হোৱা বটদ্ৰৱা থানৰ ১৬৫ বিঘা ভূমিত ১৮৮ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা বৃহৎ বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা ২৫ ফেব্ৰুৱাৰীত সম্পন্ন কৰাৰ পিছত প্ৰকল্পস্থলীৰ কাম সম্প্ৰতি পূৰ্ণগতিত চলি আছে ।

লগতে পঢ়কঃ বুকুত অজুত সপোন লৈ টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই

ABOUT THE AUTHOR

...view details