অসম

assam

ETV Bharat / state

পত্নীসহ মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা - বিত্ত মন্ত্ৰী অজন্তা নেওগ

পত্নী ৰিণিকি ভূঞাক লগত লৈ বুধবাৰে নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী হিচাপে পোন প্ৰথমবাৰৰ বাবে নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ দৰ্শনৰ অন্তত জিলাখনৰ শীৰ্ষ বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷

Chief Minister Dr. Himanta Biswa Sharma arrives at Maha Mrityunjaytemple with his wife
পত্নীসহ মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হ‘ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : May 26, 2021, 10:18 PM IST

চামগুৰি, 26মে': বুধবাৰে নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ পত্নী ৰিণিকি ভূঞাক লগত লৈ বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি জিলাখনৰ শীৰ্ষ বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, জিলা উপায়ুক্ত কবিতা পদ্মনাভনৰ সৈতে বৈঠকত মিলিত হৈ এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত ড৹ শৰ্মাই ৰাজ্যৰ 1 লাখ যুৱক-যুৱতীক সংস্থাপন দিয়াৰ লগতে বছৰি প্ৰয়োজন হোৱা 3,600 কোটি টকা বিত্ত মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হ‘ব বুলি উল্লেখ কৰে ৷

পত্নীসহ মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হ‘ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

আনহাতে, ৰাজ্যৰ অপ্ৰয়োজনীয় পদ সমূহ প্ৰয়োজনীয় স্থানলৈ বদলিকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ‘ব বুলিও উল্লেখ কৰে ৷ বৃহস্পতিবাৰে কাজিৰঙা, নগাঁও, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ আৰু কাৰ্বি-আংলং জিলাৰ সাম্ভাব্য বান পৰিস্থিতি আৰু কাজিৰঙা বন্যপ্ৰাণীৰ বাবে ল’বলগীয়া ব্যৱস্থাৰ ওপৰত এক আলোচনাত মিলিত হ‘ব বুলিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সদৰি কৰে।

ইফালে, কেইবাগৰাকীও সাংবাদিকে সংবাদ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি বিষয় সন্দৰ্ভত চিন্তা চৰ্চা কৰিবলৈ আহ্বান জনোৱাত মুখ্যমন্ত্ৰী গৰাকীয়ে মিলিজুলি সকলো সমস্যা সামাধানৰ বাবে আশ্বাস প্ৰদান কৰে ৷

মুখ্যমন্ত্ৰী হিচাপে পোন প্ৰথমবাৰৰ বাবে নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰত উপস্থিত হোৱাত সাংবাদিক সকলে শুভেচ্ছা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীৰ এই ভ্ৰমন কাৰ্যসূচীত পত্নী ৰিণিকি ভূঞা, বিধায়ক জয়ন্ত মল্ল বৰুৱা, ৰূপক শৰ্মা, স্থানীয় বিধায়ক জিতু গোস্বামী উপস্থিত থাকে ৷

লগতে পঢ়ক:বিষয় মিঠাতেল: যোগান মন্ত্ৰী ৰঞ্জিৎ দাসক এজাউৰি বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details