নগাঁও,১ জুলাই:ৰঙালী বিহুত গুৱাহাটীৰ সৰুসজাইত অসমৰ জাতীয় উৎসৱ বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নগাঁও আৰু হোজাই জিলাৰ মুঠ ৭৭১ গৰাকী নাচনী, ঢুলীয়াক শনিবাৰে মাননি আৰু মানপত্ৰ বিতৰণ কৰা হয় । নগাঁও আৰক্ষী ছাউনিৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত নাচনী, ঢুলীয়াক আনুষ্ঠানিকভাৱে মানপত্ৰ আৰু মাননি প্ৰদান কৰে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰীকাই ।
নাচনী, ঢুলীয়াক মাননি আৰু মানপত্ৰ প্ৰদান অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নিজৰ ভাষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মন্ত্ৰী পীয়ুষ হাজৰীকা । এল পি স্কুলৰ শিক্ষা সামৰাৰ পিছত বহুতেই অসমৰ জাতীয় সংগীত পাহৰি যায় বুলি ভাষণত উল্লেখ কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ বাবেই বহুতে পাহৰি যোৱা জাতীয় সংগীত পুনৰ পৰিবেশন কৰিবলৈ সক্ষম হৈছে ।
লগতে অসমীয়া জাতিৰ আৱেগ জড়িত বিভিন্ন দিশ আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ গ্ৰহণ কৰাৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই । অসমীয়া জাতিৰ প্ৰাণস্বৰূপ বিহুটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰা নাচনী ঢুলীয়াৰ, প্ৰশিক্ষকৰ লগতে কাৰ্যসূচীত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই ।