নগাঁও, 2 ফেব্ৰুৱাৰীঃ ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে’ ভূপেন হাজৰিকাৰ এই যুগজয়ী গীতৰ মৰ্ম বুজিলেই মানুহ আগবাঢ়ি আহে সেই একে মানুহৰেই সহায় কৰিবলৈ ৷ কেশৱ পাচনী নামৰ এগৰাকী বহুমূখী প্ৰতিভাৰে পৰিপূৰ্ণ সাংস্কৃতিক কৰ্মীগৰাকীৰ চিকিৎসা সাহায্যৰ বাবে পথত গীত পৰিৱেশন লাঙি মধুপুৰ (মৰিয়া গাঁও) জিকিৰ চৰ্চা কেন্দ্ৰৰ ৷ দেওবাৰে কলিয়াবৰৰ জখলাবন্ধাত লাঙি মধুপুৰ (মৰিয়া গাঁও) জিকিৰ চৰ্চা কেন্দ্ৰৰ "পদপথৰ লোক সাংস্কৃতিক অনুষ্ঠান’’ নামেৰে নিজৰ সংগীত পৰিৱেশন কৰে। উদ্দেশ্য বহুমুখী প্ৰতিভাধৰ কেশৱ পাচনীৰ চিকিৎসা সাহায্য একত্ৰিত কৰা। জিকিৰ দলটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি কলিয়াবৰত জিকিৰ চৰ্চাত বিশেষ উদগনি যোগোৱা কেশৱ পাচনীৰ বাবে গীত পৰিৱেশন কৰি স্থানীয় জিকিৰ শিল্পীসকলে জিকিৰ-নাম পৰিৱেশন কৰি চিকিৎসা ব্যয় যোগাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হোৱা কেশৱ পাচনিৰ চিকিৎসা সাহায্যৰ বাবে ইতিমধ্যেই কুঁৱৰীটোল, হাটবাৰী তথা জখলাবন্ধাত নিজৰ অনুষ্ঠান পৰিৱেশন কৰি একত্ৰিত কৰিছে ধন ৷ জিকিৰ আৰু হৰিনাম পৰিৱেশনেৰে এক অনন্য নিদৰ্শন দাঙি ধৰা এই দলটোৱে অব্যাহত ৰাখিছে সাহায্য একত্ৰিত কৰাত ৷ আৰ্থিকভাৱে দুৰ্বল পাচনিৰ বাবে এই চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন গোটাবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ একেধাৰে বাঁহীবাদক, চিত্ৰকৰ, অভিনেতা, কেৰম খেলুৱৈ, শিক্ষক কেশৱ পাচনীৰ চিকিৎসা সাহায্যৰ বাবে ইতিমধ্যই মন্ত্ৰী কেশৱ মহন্তই সহায়ৰ হাত আগবঢ়াইছে যদিও পৰিয়ালৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰো সহায়ৰ আশা ব্যক্ত কৰিছে।