কলিয়াবৰ, 13 জুন:কেৱল পাহাৰীয়া জিলাতে নহয়,এতিয়া সকলোতে পদুম ফুলিব ৷ এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ (Minister Chandra Mohan Patowary) ৷ আজি কলিয়াবৰত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয় যে আজি বিজেপিৰ যি স্থিতি তাক কংগ্ৰেছেই হওঁক বা আপেই হওঁক কোনেও বাধা দিব নোৱাৰে (AAP-Congress are not factor for BJP) ৷
অসমত "আপ"ৰ অস্তিত্বক অস্বীকাৰ কৰি পাটোৱাৰীয়ে দাবী কৰে যে বিজেপিয়ে "আপ"ক ভয় কৰে বুলি অৰবিন্দ কেজৰিৱালে কোৱা কথা অপ্ৰাসংগিক ৷ জনকল্যাণমূলক আঁচনিয়ে বিজেপিক অপ্ৰতিৰোধী কৰি তুলিছে । তেওঁ লগতে আৰু কয় যে বিজেপিৰ উন্নয়নমুখী কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈছে জনতা । যাৰ বাবে ৰাইজে আকোৱালি লৈছে বিজেপিক ।