চামগুৰি, 10 ডিচেম্বৰ :চামগুৰিৰ আমলখি চাহ বাগিছাৰ অঞ্চলসমূহত "চল যাব স্কুল" শীৰ্ষক এক সজাগতামূলক শোভাযাত্ৰা (March of Awareness titled Chal Jabo School at Samaguri )। ক'ভিড সৃষ্ট পৰিস্থিতিৰ পিছত ৰাজ্যৰ বিদ্যালয় সমূহত পুনৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছে যদিও শিক্ষা গ্ৰহণৰ বাবে বিভিন্ন অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ পৰা এতিয়াও বিৰত থাকিবলগা হৈছে।
অসমৰ চাহ অধ্যুষিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ মাজত অধিক হাৰত দেখা দিয়া এই সমস্যা দূৰ কৰিবৰ বাবে চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন সমূহে বিভিন্ন অঞ্চলত আৰম্ভ কৰিছে সজাগতাৰ ব্যৱস্থা । বুধবাৰৰ পৰা উপশাখা সমিতিৰ উদ্যোগত নগাঁও জিলাৰ চামগুৰিৰ আমলখি চাহ বাগিছাৰ অঞ্চলসমূহত "চল যাব স্কুল"(chal jabo school) শীৰ্ষক এক সজাগতামূলক শোভাযাত্ৰাৰ এলানি কাৰ্যসূচী আৰম্ভ কৰে ।