নগাঁও,27 আগষ্ট:অৱশেষত সাৰ পালে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিবৰ্গই ৷ প্ৰতিবছৰৰ দৰে চলিত বৰ্ষতো বানে ৰাজ্যত বিস্তৰ ক্ষতিসাধন কৰাৰ পিছত জাগি উঠিল কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধবৰ্গ ৷ তিনিবাৰকৈ বানে ধোৱা ৰাজ্যত বৃহস্পতিবাৰে উপস্থিত হ’ল কেন্দ্ৰীয় চৰকাৰৰ এক ছজনীয়া প্ৰতিনিধিৰ দল ৷ অসমত উপস্থিত হোৱা দলটোৱে প্ৰথমে বুজ লয় নগাঁও জিলাৰ বান পৰিস্থিতিৰ ৷ নগাঁও আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হৈ বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ তথ্য সংগ্ৰহ কৰে প্ৰতিনিধি দলটোৱে ৷
বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল - নগাঁও আৱৰ্ত ভৱন
ৰাজ্যৰ বান পৰিস্থিতি শাম কটাৰ পিছত ইয়াৰ বুজ ল’বলৈ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক ছজনীয়া প্ৰতিনিধি দল ৷ দলটোৱে পোনতে নগাঁও জিলা প্ৰশাসনৰ পৰা বান পৰিস্থিতিৰ বুজ লয় ।

বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল
নগাঁও আৱৰ্ত ভৱনত অনুষ্ঠিত বৈঠক
কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ যুটীয়া সঞ্চালক এচ কে প্ৰধান, শক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় শক্তি প্ৰাধিকৰণৰ উপ-সঞ্চালক অ পি সুমন আৰু দলটোৰ প্ৰট’কল বিষয়া হিচাপে দায়িত্বত থকা অসমৰ দুৰ্যোগ আৰু প্ৰশমন প্ৰাধিকৰণৰ ডঃ কৃপালজ্যোতি মজুমদাৰে নগাঁও জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় ৷ বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকি অৱগত কৰে শেহতীয়া বান পৰিস্থিতিৰ কথা ৷ নগাঁৱৰ পিছতে প্ৰতিনিধি দলটো ৰাওনা হয় গোলাঘাটলৈ ৷
বান পৰিস্থিতিৰ বুজ ল’লে প্ৰতিনিধি দলে