নগাঁও, ১১ ছেপ্টেম্বৰ:লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো তৎপৰতা আৰম্ভ কৰিছে শাসকীয় বিজেপিৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহেও । সমষ্টি পুনৰনিৰ্দ্ধাৰণৰ পিচতে নতুনকৈ গঠন হোৱা সমষ্টিসমূহতো ব্যাপক তৎপৰতা চলাইছে ৰাজনৈতিক দলসমূহে । বিশেষকৈ কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ দখলত থকা নগাঁও লোকসভা সমষ্টি নিজৰ দখললৈ অনাৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে ।
নগাঁও লোকসভা সমষ্টিটো বিজেপিৰ দখললৈ অনাৰ উদ্দেশ্যেই ইতিমধ্যে সমষ্টিটোৰ দলীয় কৰ্মী, ৰাইজ, কৃষক আদি বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰিবলৈ নগাঁৱত সোমবাৰে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু । নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত দলীয় কৰ্মী, ৰাইজ, বুদ্ধিজীৱীৰ সৈতে মত বিনিময় কৰাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে । আনকি শ্ৰমিক শ্রেণীৰ লোকৰ সৈতেও মত বিনিময় কৰিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে ।