অসম

assam

ETV Bharat / state

কেন্দ্ৰীয় এটা দলে পৰিদৰ্শন কৰিলে ৰহাৰ বানবিধ্বস্ত অঞ্চল - খহনীয়াগ্ৰস্ত অঞ্চল

মঙলবাৰে ৰহা আৰু কামপুৰ ৰাজহ চক্ৰৰ বানপীড়িত ,খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে কেন্দ্ৰ চৰকাৰৰ কেন্দ্ৰীয় বানপানী ক্ষতিৰ সমীক্ষাৰ এটা দলে ৷ কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰতিনিধি দলটোক সহযোগিতা আগবঢ়াই নগাঁও জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগসমূহে ৷

AS_BARHAMPUR_01_Central_Flood_Assessment_Team_visited_Roha_VIS_10032
ৰহাৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় বানপানী ক্ষতি সমীক্ষা দল

By

Published : Nov 24, 2020, 5:08 PM IST

বঢ়মপুৰ,24নৱেম্বৰঃমঙলবাৰে ৰহা আৰু কামপুৰ ৰাজহচক্ৰৰ বানপীড়িত,খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে কেন্দ্ৰ চৰকাৰৰ কেন্দ্ৰীয় বানপানী ক্ষতি সমীক্ষাৰ এটা দলে ৷ পুৱাই ভাৰত চৰকাৰৰ সহ-সচিব নৰেন্দ্ৰ কুমাৰৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ দলটোৱে ৰহা সমষ্টিৰ কলং আৰু কপিলী নদীয়ে খহাই নিয়া ৰহা-চাপৰমুখ পথ তথা ৰহা-কামপুৰ পথৰ তিনিসুঁতি, বগলাজান, বাৰেগোগা, মাধৱপাৰা আদি পৰিদৰ্শন কৰাৰ লগতে বান বিধ্বস্ত চেঙাজান,ধৰমুখ আদি অঞ্চলো পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় ।

ৰহাৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় বানপানী ক্ষতি সমীক্ষা দল

ইপিনে,কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰতিনিধি দলটোক সহযোগিতা আগবঢ়াই নগাঁও জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগসমূহে ৷ উল্লেখ যোগ্য যে, চলিত বৰ্ষত ৰহা সমষ্টিত কপিলী, বৰপানী, কলং আৰু তিতাইমাৰী নদীৰ বানে তথনচ কৰিছিল ৰহা সমষ্টিৰ 17খনকৈ পঞ্চায়ত ৷

লগতে পঢ়কঃ প্ৰমোদ বড়ো আৰু ইউ জি ব্ৰহ্মৰ শোকপ্ৰকাশ

ABOUT THE AUTHOR

...view details