অসম

assam

By

Published : Dec 16, 2020, 9:01 PM IST

ETV Bharat / state

চাপৰৰ চৈবাৰী চাহ বাগিচাত অনুষ্ঠিত হ’ব ১৮ তম আদিবাসী মহাসভা

বুধবাৰে অনুষ্ঠিত হয় সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা । সভাত ১৮ তম আদিবাসী মহাসভাখন চাপৰৰ চৈবাৰী চাহ বাগিচাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Central Executive Meeting of Adivasi Students' Union
আদিবাসী ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

পূৱ বিলাসীপাৰা, ১৬ ডিচেম্বৰ: পূৱ বিলাসীপাৰাৰ চাপৰ চাহ বাগিচাত বুধবাৰে অনুষ্ঠিত হয় সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা । এই সভাতে ২০২১ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হব লগা ১৮ তম আদিবাসী মহাসভাখন চাপৰৰ চৈবাৰী চাহ বাগিচাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰ লগতে এই উপলক্ষে সভাত এখন অভ্যৰ্থনা সমিতি গঠন কৰে ।

আদিবাসী ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

ইফালে, সভাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি আছাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগে কয়, আদিবাসী লোক সকলক বিজেপি চৰকাৰ খনে চৰম প্ৰতাৰণা কৰিছে । বিজেপি চৰকাৰে জনজাতিকৰণৰ আশ্বাস প্ৰদান কৰাৰ পিছতো আজিলৈকে জনজাতিকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰাৰ অভিযোগ তুলিছে প্ৰদীপ নাগে ৷

সমান্তৰালভাৱে প্ৰদীপ নাগে জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰ খনে আদিবাসী জনগোষ্ঠীক বাৰম্বাৰ প্ৰতাৰণা কৰাৰ অভিযোগ তুলি আগন্তুক বিধান সভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । উল্লেখ্য যে, জানুৱাৰী মাহৰ ২৯, ৩০ আৰু ৩১ তাৰিখে অনুষ্ঠিত হ’ব আদিবাসী মহাসভা ৷

লগতে পঢ়ক: কাৰ ভুলৰ বাবে প্ৰতাৰিত হৈছে বাঘজানবাসী !

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details