কলিয়াবৰ, 14 জুলাই : কলিয়াবৰৰ হাতীগাঁৱস্থিত ৬৫ বিঘা মাটি জুৰি থকা পাম তথা গৱেষণা কেন্দ্ৰটোৰ অধিকাংশ এতিয়া ভৰি পৰিছে হাবি-জংঘলেৰে ৷ প্ৰচুৰ সম্ভাৱনাৰ পিছতো কেৱল বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই পৰিত্যক্ত প্ৰায় ৰূপ লৈছে কলিয়াবৰৰ হাতীগাঁৱত অৱস্থিত ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম আৰু গৱেষণা কেন্দ্ৰটো (Animal Husbandry and Veterinary Department)। কৰ্মচাৰীৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম উৎপাদনমুখী পামখন । প্ৰয়োজনীয় ২৭ জন কৰ্মচাৰীৰ বিপৰীতে মাত্ৰ ৬-৭ জন কৰ্মচাৰীৰে পামখন পৰিচালনা কৰিবলগা হোৱাত ক্ৰমাৎ উৱলি যোৱাৰ উপক্ৰম হৈছে উৎপাদনমুখী এই পামখনৰ বহু সম্পত্তি ।
নামমাত্ৰ হাঁহ-কুকুৰা উৎপাদনৰে চলিছে এসময়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম শ্ৰেণীত থকা হাঁহ-কুকুৰা প্ৰজনন আৰু উৎপাদন কেন্দ্ৰটো (Animal Husbandry and Veterinary Department)। বিশাল চৌহদৰ অধিকাংশই ভৰিছে হাবি-জংঘলৰে । পামখনত উৎপাদিত হাঁহ-কুকুৰাৰ যথেষ্ট চাহিদা আছে ৰাজ্যখনত ৷ যদিও কেৱল বিভাগীয় অমনোযোগিতাৰ বাবেই এতিয়া ধ্বংসৰ গৰাহত পাম তথা গৱেষণা কেন্দ্ৰটো ।
হাঁহ-কুকুৰাৰ কণী আৰু পোৱালি উৎপাদনৰ পাম তথা গৱেষণা কেন্দ্ৰটো নামতহে গৱেষণা কেন্দ্ৰ ৷ কেন্দ্ৰটোত পিছে নাই এজনো গৱেষক তথা সহকাৰী গৱেষক, নাই স্থায়ী পৰিচালক । প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱত বৰ্তমান কৰ্মৰত পৰিচালকৰ পৰা কৰ্মচাৰীলৈকে প্ৰতিজনে চোৱাচিতা কৰিবলগা হয় হাঁহ-কুকুৰা উৎপাদনৰ সমগ্ৰ ব্যৱস্থা ।
সঁজুলিৰ অভাৱৰ ফলতো হাঁহ-কুকুৰাৰ উৎপাদন কৰিব পৰা হোৱা নাই কেন্দ্ৰটোত । যিটো সময়ত এই কেন্দ্ৰটোৰ পৰা এক বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হ'ব লাগিছিল সেই সময়ত এই ৰাজহৰ পৰিমাণ মুঠূই ৬০,০০০ টকা । তাৎপৰ্য্যপূৰ্ণভাৱে এই ৰাজহৰ পৰিমাণ কিছুদিনৰ আগলৈকে মাত্ৰ ৬-৭ হাজাৰ টকাহে আছিল বুলি বৰ্তমানৰ ভাৰপ্ৰাপ্ত পৰিচালকজনে জানিবলৈ দিয়ে । পাম আৰু গৱেষণা কেন্দ্ৰটো সৱলীকৰণৰ নামত ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত নিৰ্মিত চাৰিটাকৈ অত্যাধুনিক হাঁহ পালন গৃহ মুকলি কৰা হৈছিল যদিও আজিলৈকে এটাও হাঁহ নোসোমাল সেই গৃহসমূহত ।