অসম

assam

Jalha community of Assam : জলহা জনগোষ্ঠীৰ লোকপিয়ল আৰম্ভ

কলিয়াবৰত জলহা জনগোষ্ঠীৰ আৰ্থ সামাজিক আৰু জনসংখ্যা জৰীপ আৰম্ভ (Census of Jalha community begins at Kaliabor)। দেওবাৰে মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জৰীপৰ প্ৰক্ৰিয়া । হৰ ঘৰ তিৰংগা কাৰ্যসূচীক সফল কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰাও হয় ।

By

Published : Aug 7, 2022, 11:44 AM IST

Published : Aug 7, 2022, 11:44 AM IST

ETV Bharat / state

Jalha community of Assam : জলহা জনগোষ্ঠীৰ লোকপিয়ল আৰম্ভ

Jalha community of Assam
জলহা জলগোষ্ঠীৰ লোকপিয়ল আৰম্ভ

কলিয়াবৰ,৭ আগষ্ট :শেহতীয়াকৈ অসমৰ পাঁচটাকৈ উপ-গোটক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰিছে চৰকাৰে (Five sub groups are recognized as Assamese indigenous Muslims)। তাৰ ভিতৰত আছিল জলহাসকল । খিলঞ্জীয়া জনগোষ্ঠীৰ স্বীকৃতি লাভ কৰাৰ পাছতে ইতিমধ্যে অন্যান্য পিছপৰা জাতিৰ তালিকাত জলহাসকল অন্তৰ্ভুক্ত হৈছে । যাৰ বাবে জলহা জনগোষ্ঠীয়ে নিজাববীয়াকৈ এখ জৰীপ চলোৱাৰ চিন্তা চৰ্চা কৰিছে ।

জলহা জনগোষ্ঠীৰ লোকপিয়ল আৰম্ভ

চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলহা সমাজৰ এই জৰীপ প্ৰক্ৰিয়া দেওবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হয় (Census of Jalha community begins at Kaliabor)। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে এই জৰীপ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে । কলিয়াবৰৰ বামুণীত শুভাৰম্ভ কৰা হয় জলহাসকলৰ আৰ্থ সামাজিক আৰু জনসংখ্যা জৰীপ ২০২২ (Socio Economic and Population Survey of Jalha community 2022)।

ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আয়োজিত হৰ ঘৰ তিৰংগা কাৰ্যসূচীও ৰূপায়ণ কৰা হয় । হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে অনুষ্ঠানত ৰাইজৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই ।

লগতে পঢ়ক :ABSU-Bodo Sahitya Sabha meeting: কেবিনেটত লোৱা সিদ্ধান্ত উঠাই ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান

ABOUT THE AUTHOR

...view details