বোকাখাট, 09 এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। কলিয়াবৰৰ ৰাঙলুৰ পৰা চিকনি, জখলাবন্ধা, হাটবৰ ,কুঁৱৰীটোল হৈ কলিয়াবৰৰ মিছালৈ আৰু ৰঙামাটিৰ পৰা হাতীখুলিলৈ কংগ্ৰেছে উলিয়াই বিশাল ৰেলী। শতাধিক বাহনৰে সহস্ৰাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ কলিয়াবৰৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ ।
ভোটাৰক আকৰ্ষণৰ চেষ্টা ? গৌৰৱ গগৈৰ হৈ প্ৰচাৰত নামিল অভিনেত্ৰী নাগমা - CELEBRITIES CAMPAIGN
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত কলিয়াবৰত কংগ্ৰেছৰ বিশাল ৰেলী। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত প্ৰচাৰত নামিল বলিউদৰ অভিনেত্ৰী নাগমা ,নয়ন নিৰ্বান
GAURAV GOGOI
যুৱ নেতা গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অসমৰ লগতে বলিউদৰ অভিনেতা অভিনেত্ৰীয়ে ৷ যুৱ-কংগ্ৰেছী মানস বৰা আৰু অভিনেতা নয়ন নিৰ্বানে "ফ্লেগ অফ" কৰে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ ৰেলীৰ ৷ আনহাতে বোকাখাত বিধানসভাৰ ৰঙামাটিৰ পৰা হাতীখুলিলৈ মঙলবাৰে উলিওৱা বিশাল ৰেলীত অংশ লয় বলিউডৰ অভিনেত্ৰী নাগমাই । নিৰ্বাচনী প্ৰচাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে অভিনেত্ৰী গৰাকীয়ে।
Last Updated : Apr 9, 2019, 11:53 PM IST