তদন্তৰ খাতিৰত মন্তব্য দিয়াৰ পৰা বিৰত আছে জোনমণি ৰাভাৰ পৰিয়ালে নগাঁও, 18 জুন : মৰিকলং আৰক্ষী থানাৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBI য়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া । এগৰাকী সুদক্ষ আৰু কঠোৰ আৰক্ষী বিষয়া হিচাপে দেশজুৰি পৰিচিত CBI ৰ ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বত বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হোৱাৰ পিচৰে পৰা চি বি আইৰ দলটোৱে তীব্রতৰ কৰি তুলিছে তদন্ত প্ৰক্ৰিয়া ।
দেওবাৰে প্ৰয়াত জোনমণি ৰাভাৰ চৰকাৰী আবাসত জোনমণি ৰাভাৰ পৰিয়ালক লগত লৈ উপস্থিত হয় লাভলী কাটিয়াৰৰ নেতৃত্বত এটা CBI ৰ দল ৷ নগাঁও আৱৰ্ত ভৱনত বাস কৰি এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে ডি আই জি লাভলী কাটিয়াৰে ৷ জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাক লগত লৈ জোনমণি ৰাভাৰ চৰকাৰী আবাসত উপস্থিত হয় CBI ৰ DIG লাভলি কাটিয়াৰ । জোনমণি ৰাভাৰ মৃত্যুৰ নিশা জোনমণি ৰাভাৰ চৰকাৰী আবাসতে তালাচী চলাইছিল সেই সময়ৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ।
উল্লেখ্য যে, জোনমণি ৰাভাৰ মাতৃয়ে উত্থাপন কৰা অভিযোগৰ তদন্ত কৰিবলৈ CBIৰ দলটো উপস্থিত হোৱা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে । ইপিনে জোনমণি ৰাভাৰ মাতৃৰ লগতে CBIৰ দলটোৰ সৈতে উপস্থিত থাকে জোনমণি ৰাভাৰ পৰিয়ালৰ লোকো । বৰ্তমান তদন্তৰ খাতিৰত জোনমণি ৰাভাৰ মাতৃ অথবা পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে । অৱশ্যে চি বি আইৰ তদন্তত ৰাজ্যবাসীয়ে বিচৰা ভাল খবৰ এটা কম সময়তে লাভ কৰিব বুলি উল্লেখ কৰে জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে ।
ইপিনে দেওবাৰে বিয়লি CBI ৰ দলে বাহৰ পাতি থকা নগাঁও আৱৰ্ত ভৱনত জেৰাৰ বাবে উপস্থিত হয় নগাঁও আৰক্ষীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, আৰক্ষী উপ পৰিদৰ্শক আভাজ্যোতি ৰাভা আৰু আৰক্ষী বিষয়া ৰাজা ঈৰ্শ্বাদ ।
লগতে পঢ়ক:Junmoni Rabha death case: জোনমণিৰ মাতৃৰ এজাহাৰত নাম থকা আৰক্ষী বিষয়া ৰাজা ইৰ্শ্বাদক জেৰা CBI ৰ