কলিয়াবৰ, 4 অক্টোবৰ: যোৱা ১৫ মে'ত দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুমুখত পৰিছিল নে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাক । চিবিআইৰ এটা বাৰজনীয়া তদন্তকাৰী দলে আজি পুনৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দীঘলীয়া সময়ৰ বাবে পৰীক্ষা নিৰীক্ষা কৰে । সেই নিশা এখন কন্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ হৈছিল জোনমণি ৰাভাৰ এছপ্ৰেছ' বাহনখনৰ । তাৰ পিচৰ যি ঘটনাক্ৰম, সেয়া সকলোৰেই জ্ঞাত ৷
জোনমণিৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰি আছে CBI এ ৷ বুধবাৰে পুনৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ CBI ৰ দলটোৱে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত পুনৰ তেনে এখন কন্টেইনাৰ বাহন আৰু জোনমণি ৰাভাৰ এছপ্ৰেছ' বাহনৰ জৰিয়তে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত দুৰ্ঘটনাটো পুনৰ নাটকীয় ৰূপ দি বিভিন্ন সঁজুলিৰে পৰীক্ষা-নিৰীক্ষা কৰে ।
জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা তদন্তকাৰী দলটোৱে এখন তেজ লগা ৰুমাল আৰু এটা পৰিত্যক্ত ম’বাইল ফোন উদ্ধাৰ কৰিছে ৷ কিন্তু ম’বাইলটো কাৰ সেই কথা এতিয়াও নিশ্চিত কৰিব পৰা নাই ৷
তাৰ পাছতেই CBI দলটোৱে জখলাবন্ধা আৰক্ষী নিৱেশ চৌহদত থকা দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন পৰীক্ষা কৰে । চিবিআই দলটোৰ লগত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ নিশা ঘটনাস্থলীত উপস্থিত হৈ জোনমণি ৰাভাক উদ্ধাৰ কৰা সহকাৰী আৰক্ষী বিষয়া জাকাৰীয়া চৌধুৰী উপস্থিত থাকে ।