নগাঁও, 16 জুন:DIG লাভলী কাটিয়াৰৰ নেতৃত্বত SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ অহা CBI ৰ দলটোৱে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ নগাঁৱত বাহৰ পাতি SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে CBI ৰ দলটোৱে । নগাঁও আৱৰ্ত ভৱনত থকা CBI ৰ দলটোৱে শুকুৰবাৰে জেৰা চলায় কলিয়াবৰৰ আৰক্ষী বিষয়া জাকাৰীয়া চৌধুৰীক । বিয়লি পৰ্যন্ত এক দীঘলীয়া সময় আৰক্ষী বিষয়া জাকাৰীয়া চৌধুৰীক জেৰা চলায় CBI ৰ দলটোৱে । উল্লেখযোগ্য যে, ১৫ মে’ৰ মাজনিশা SI জোনমণি ৰাভাৰ দুৰ্ঘটনা সংঘটিত হোৱা সময়ত টহলৰ দায়িত্বত আছিল আৰক্ষী বিষয়া জাকাৰীয়া চৌধুৰী ।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাচতেই কলিয়াবৰৰ সৰুভগীয়াৰ দুৰ্ঘটনা সংঘটিত হোৱা স্থানত জোনমণি ৰাভাৰ মৃতদেহ উদ্ধাৰৰ সময়ত উপস্থিত হৈছিল আৰক্ষী বিষয়া জাকাৰীয়া চৌধুৰী । দীর্ঘসময় জেৰাৰ অন্তত জাকাৰীয়া চৌধুৰীক যাবলৈ দিয়ে CBI ৰ দলটোৱে । অতি কম সময়ৰ ভিতৰতে তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ তৎপৰ হৈ পৰিছে CBI ৰ দলটো । শুকুৰবাৰে নগাঁও আৱৰ্ত ভৱনত CBI ৰ DSP মণিন্দৰ সিঙৰ নেতৃত্বত থকা দলটোৱে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ CBIৰ DSP মণিন্দৰ সিং পাঞ্জাৱৰ এগৰাকী সুদক্ষ আৰক্ষী বিষয়া ।