নগাঁও, 19 জুন:CBI ৰ DIG লাভলী কাটিয়াৰৰ তদন্তই কঁপনি বহুকেইগৰাকী আৰক্ষীৰ । ৰাজ্য কঁপোৱা SI জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে লাভলী কাটিয়াৰৰ নেতৃত্বৰ CBIৰ দলে । APS লীনা দলেয়ে নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা ৷ SI জোনমণি ৰাভাৰ মৃত্যুৰ লগত সাঙোৰ খোৱা মুঠ চাৰিটাকৈ গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে CBIৰ দলটোৱে ।
নগাঁও আৱৰ্ত ভৱনত বাহৰ পাতি তদন্ত অব্যাহত ৰখা CBIৰ দলৰ মাৰাথন জেৰাৰ সন্মুখীন হৈছে নগাঁও সদৰ আৰক্ষী থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, হয়বৰগাঁও আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা আৰু ধিং আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদ ।
দেওবাৰে এই তিনিগৰাকী আৰক্ষী বিষয়াক CBIৰ দলে জেৰা কৰাৰ পিছত সোমবাৰে পুনৰ তলব কৰে তিনিওকে । সোমবাৰে পুৱাৰ পৰাই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খোৱা আৰক্ষী বিষয়া মনোজ ৰাজবংশী, অভাজ্যোতি ৰাভা আৰু ৰাজা ইৰ্শ্বাদক মাৰাথন জেৰা চলায় CBIৰ দলটোৱে ।