ৰূপহীহাট, ৭ ছেপ্তেম্বৰ: নাৱেৰে তেজপুৰ, মঙলদৈৰ পৰা গৰু চোৰাংভাৱে সৰবৰাহ কৰি আহিছে একাংশ সৰবৰাহকাৰীয়ে । শেহতীয়াকৈ বন বিভাগৰ জালত পৰিল ৩ টা সৰবৰাহকাৰী । পাঁচটাকৈ চোৰাং গৰু নাৱেৰে আনি থকা অৱস্থাতে বন বিভাগে তিনিওকে হাতে-লোটে কৰায়ত্ত কৰে ।
বুঢ়াচাপৰিত চোৰাং গৰুসহ ৩ সৰবৰাহকাৰী আটক ধৃত সৰবৰাহকাৰীকেইটা কৃষ্ণ চুবেদি, গুলজাৰ হুছেইন আৰু ওবাইদুল্লা বুলি জানিব পৰা গৈছে ৷ নিশা প্ৰায় ১১ বজাত লংকে চৰৰ পৰা সৰবৰাহ কৰা হৈছিল গৰুকেইটা ৷ আৰক্ষীয়ে বৰ্তমান ৫টা গৰু জব্দ কৰিছে ।
বুঢ়াচাপৰিত চোৰাং গৰুসহ ৩ সৰবৰাহকাৰী আটক বন বিষয়া চুনম কুমাৰ গুপ্তাৰ নেতৃত্বত চলা অভিযানত চোৰাং গৰুকেইটা জব্দ কৰা হয় ৷ চৰকাৰৰ গো-সুৰক্ষা বিধেয়কক বুঢ়া আঙুলি দেখুৱাই একাংশ অসাধু লোকে গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে । উল্লেখ্য যে, আৰক্ষী আৰু বন বিভাগে চোৰাং গৰুৰ বেহা বন্ধ কৰাৰ বাবে তৎপৰতাৰে কাম কৰি আহিছে যদিও গৰু ব্যৱসায়ীয়ে ন ন কৌশলেৰে গৰু সৰবৰাহ কৰি আহিছে ।
লগতে পঢ়ক: ইটাখোলাত কিশোৰী ধৰ্ষণত অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ