কলিয়াবৰ, ২ জুলাই: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নীৰৱে জীৱন-যাপন সহজ-সৰল টুপীমূৰীয়া বান্দৰৰ । দৰ্শনাৰ্থীৰ দৃষ্টিৰ পৰা দূৰত দুষ্প্ৰাপ্য এই হ'বলৈ ধৰা প্ৰাণীবিধ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত সচৰাচৰ দেখা পোৱা যায় টুপীমূৰীয়া বান্দৰৰ জাক । উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দক্ষিণ দিশে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত উমলি-জামলি আপোন মনে খাদ্য খাই থকাৰ সময়ত কেমেৰাত বন্দী হোৱা টুপীমূৰীয়া বান্দৰৰ এটা জাক ।
টুপীমূৰীয়া বান্দৰ উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখা পোৱা এবিধ বান্দৰৰ প্ৰজাতি । এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে–বাংলাদেশ, নেপাল, ভূটান, চীন আৰু ম্যানমাৰতো পোৱা যায় । টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল । অতি দুষ্প্ৰাপ্য প্ৰজাতিৰ জীৱ নহয় যদিও এই নিৰ্জু-লাজকুৰীয়া প্ৰাণীবিধৰ বাসস্থান দিনক-দিনে টুটি আহিব ধৰিছে । কংক্ৰিটৰ দালান, বৃহৎ পৰিমাণে বনাঞ্চল ধ্বংসযজ্ঞৰ ফলত আন আন দুষ্প্ৰাপ্য প্ৰাণীৰ দৰে হেৰাই যাবলৈ ধৰিছে টুপীমূৰীয়া বান্দৰো ।
লগতে পঢ়ক:Manipur violence: মণিপুৰত পুনৰ সংঘৰ্ষ; দুই গাঁও সুৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱক নিহত