অসম

assam

নগাঁও জিলাৰ 4টা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

By

Published : Mar 10, 2021, 10:09 AM IST

নিৰ্বাচনী ৰণলৈ সাজু ৰাজনৈতিক দলসমূহৰ লগতে প্ৰাৰ্থীসকলো ৷ ইতিমধ্যে সমাপ্ত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময় ৷ ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে নগাঁও জিলাৰ চামগুৰি, ৰূপহীহাট, ধিং আৰু বটদ্ৰৱা সমষ্টিৰ বাবেও প্ৰাৰ্থীসকলে মঙলবাৰে দাখিল কৰে মনোনয়ন পত্ৰ ৷ মনোনয়ন পত্ৰ দাখিলৰ সময়চোৱাত নিজ নিজ সমৰ্থকক লগত লৈ শক্তি প্ৰদৰ্শন কৰে আটাইকেইগৰাকী প্ৰাৰ্থীয়ে ৷

candidates-filed-nomination-in-nagaon
নগাঁও জিলাৰ 4টা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

নগাঁও,10মাৰ্চ:নিৰ্বাচনী ৰণলৈ সাজু ৰাজনৈতিক দলসমূহৰ লগতে প্ৰাৰ্থীসকলো ৷ ইতিমধ্যে সমাপ্ত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময় ৷ ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে নগাঁও জিলাৰ চামগুৰি, ৰূপহীহাট, ধিং আৰু বটদ্ৰৱা সমষ্টিৰ বাবেও প্ৰাৰ্থীসকলে মঙলবাৰে দাখিল কৰে মনোনয়ন পত্ৰ ৷ মনোনয়ন পত্ৰ দাখিলৰ সময়চোৱাত নিজ নিজ সমৰ্থকক লগত লৈ শক্তি প্ৰদৰ্শন কৰে আটাইকেইগৰাকী প্ৰাৰ্থীয়ে ৷ মনোনয়ন দাখিলৰ পিচতে কংগ্ৰেছ মহাজোঁটবন্ধনৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইনে সাংবাদিকৰ আগত আগন্তুক নিৰ্বাচনত পুনৰ পঞ্চমবাৰৰ বাবে চামগুৰিৰ ৰাইজে তেওঁক বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰাব বুলি মন্তব্য কৰে ৷ একেদৰে চামগুৰিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অনিল শইকীয়াই মনোনয়ন দাখিল কৰি চামগুৰিত ৰকিবুল হুছেইনৰ পৰাজয় নিশ্চত বুলি কয় ৷

নগাঁও জিলাৰ 4টা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

আনহাতে,বটদ্ৰৱা বিধানসভা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী আঙুৰলতা ডেকায়ো দাখিল কৰে মনোনয়ন ৷ উন্নয়নেই এইবাৰ বিজেপিৰ মূল ইছ্যু হ'ব বুলি মন্তব্য কৰে আঙুৰলতা ডেকাই ৷ উল্লেখ্য যে,আঙুৰলতা ডেকাক প্ৰত্যাহ্বান জনাবলৈ এইবাৰ কংগ্ৰেছ দলেও প্ৰক্ষেপ কৰিছে মহিলা প্ৰাৰ্থী ৷ অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া শিবামণি বৰাই এইবাৰ আঙুৰলতা ডেকাক প্ৰত্যাহ্বান জনাবলৈ কঁকালত টঙালি বান্ধিছে ৷

নগাঁও জিলাৰ 4টা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ইপিনে,কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ দখলত থকা ৰূপহীহাট বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ মনোনয়ন দাখিল প্ৰাক্তন আমছু নেতা তথা অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া নজৰুল ইছলামৰ ৷ এইবাৰ নিৰ্বাচনত চামগুৰি সমষ্টিৰ নেতা নুৰুল হুদাক ৰূপহীহাটৰ ৰাইজে বিদায় দিয়াটো নিশ্চিত বুলি দাবী কৰে নজৰুল ইছলামে ৷ ইয়াৰ বিপৰীতে ৰূপহীহাট সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ মনোনয়ন দাখিল কৰি ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ প্ৰতিদ্বন্বিতা হ'ব বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাই ৷ উল্লেখ্য যে,সমষ্টিটোৰ পৰা বিজেপি দলৰ হৈ মনোনয়ন দাখিল কৰে নাজিৰ হুছেইনে ৷ অন্যহাতে,মঙলবাৰে ধিং বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলৰ মেহবুব মুক্তাৰেও দাখিল কৰে মনোনয়ন ।

লগতে পঢ়কঃডিঙিত কেমেৰা লৈ ভ্ৰমি ফুৰা ষ্টাইলিছ ফটোগ্ৰাফাৰ ডব্লিউ দা আৰু নাই

ABOUT THE AUTHOR

...view details