অসম

assam

ETV Bharat / state

জাতি ৰক্ষাৰ স্বাৰ্থত তীব্ৰতৰ হৈ উঠিছে কেব বিৰোধী আন্দোলন - nagaon cab protest

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত অসমৰ উজনিৰ পৰা নামনিলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত ৷ মৰাণত দুখনকৈ ৰে'ল অৱৰোধ কৰিলে চুতীয়া ছাত্ৰ সন্থাই ৷ লখিমপুৰতো অসমীয়া যুৱ মঞ্চৰ একাংশ সদস্যই অৰ্ধ উলংগ হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইফালে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে কলিয়াবৰত ল'লে তীব্ৰ প্ৰতিবাদী ৰূপ ৷ ইফালে নগাঁৱতো প্ৰাক্তন আছুনেতাই একক আৰু ব্যতিক্ৰমী ৰূপত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

protest over all assam
কেব বিৰোধী আন্দোলন

By

Published : Dec 9, 2019, 3:20 PM IST

মৰাণ, 9 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ ৷ গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত কেব উত্থাপন কৰাৰ পিছতে আৰু অধিক তীব্ৰতৰ হৈ উঠিছে কেব বিৰোধী আন্দোলন ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ লগতে ছয় জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আজি পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে মৰাণৰ খোৱাঙত । সকলো ব্যৱসায় প্ৰতিষ্ঠান, যানবাহনৰ চলাচল বন্ধ কৰা উপৰিও চিকিৎসালয় শিক্ষা অনুষ্ঠান সমূহ কিছু কিছু ঠাইত বন্ধ হোৱা পৰিলক্ষিত হৈছে । আজি পুৱা মৰাণত চুতীয়া ছাত্ৰ সন্থা,মৰাণ ছাত্ৰ সন্থাৰ আহ্বানত বিভিন্ন জাতীয় ,জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াই মৰাণহাট ৰে'ল ষ্টেচনত ৰে'লপথ অৱৰোধ কৰে। আমগুৰিৰ পৰা ডিব্ৰুগড় অভিমুখী আৰু ডিব্ৰুগড় পৰা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে । দুঘন্টা ধৰি দুখনকৈ ৰে'ল অৱৰোধ কৰা পাছতে ৰে'ল দুখন যাবলৈ দিয়া হয় যদিও মৰাণহাট ৰেল ষ্টেচনত বহু সময় ধৰি বিৰাজ কৰে উত্তেজনাময় পৰিৱেশে ।

মৰাণত কেব বিৰোধী প্ৰতিবাদ

লখিমপুৰ,9 ডিচেম্বৰঃ অসম বন্ধৰ সমান্তৰালভাৱে লখিমপুৰত দল সংগঠনে অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিবাদ। লখিমপুৰত উলংগ হৈ কেবৰ বিৰোধিতা কৰিছে অসমীয়া যুৱ মঞ্চই ৷ নগৰখনৰ মাজ মজিয়াত চৰকাৰৰ বিৰুদ্ধে সংগঠনটোৰ একাংশ সদস্যই অৰ্ধ উলংগ আৰু একাংশ সদস্যই উলংগ হৈ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

লখিমপুৰত কেব বিৰোধী প্ৰতিবাদ

কলিয়াবৰ,9 ডিচেম্বৰঃসোমবাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ দিনাই কলিয়াবৰত এই বিধেয়কৰ বিৰুদ্ধে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদ,কলিয়াবৰ জিলা সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। কলিয়াবৰৰ কুঁৱৰীটোলত সাব‍্যস্ত কৰা অৱস্থান ধৰ্মঘটত ভাগ ল'লে জাতি-ধৰ্ম নিৰ্বিশেষে বিভিন্ন জনে। প্ৰতিবাদত অংশ লৈ বিভিন্ন জনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ‍্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। জাতীয় নায়কৰূপী সৰ্বানন্দ সোণোৱালৰ স্থিতিক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে কলিয়াবৰৰ বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বৰ্তমান স্থিতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ৷

কলিয়াবৰত কেব বিৰোধী প্ৰতিবাদ

নগাঁও,9 নৱেম্বৰঃকেবৰ বিৰুদ্ধে ৰাজপথত প্ৰাক্তন আছু নেতাই এককভাৱে সাব্যস্ত কৰিছে প্ৰতিবাদ। কেবৰ বিৰুদ্ধে নগাঁৱৰ পৰা গুৱাহাটীলৈ প্ৰাক্তন আছু নেতাৰ পদযাত্ৰা। নগাঁৱৰ পৰা দিছপুৰলৈ পদযাত্ৰা কৰি একক প্ৰতিবাদ প্ৰাক্তন আছু নেতা অপূৰ্ব বৰবৰাৰ । সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছে প্ৰাক্তন আছু নেতাজনে। ভলুকা বাঁহৰ ভাৰ পাচি কান্ধত লৈ গুৱাহাটী অভিমুখে যাত্ৰা কৰে অপূৰ্ব বৰবৰুৱাই। নগাওঁ চহৰৰ হয়বৰগাঁৱত আৰক্ষীয়ে বাধা প্ৰদানৰ চেষ্টা কৰে প্ৰতিবাদকাৰীজনক। কিছু সময় তৰ্ক বিতৰ্কৰ অন্তত অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ পদযাত্ৰা আৰম্ভ কৰে প্ৰাক্তন আছু নেতাগৰাকীয়ে ।

নগাঁৱত প্ৰাক্তন আছু নেতাৰ কেব বিৰোধী প্ৰতিবাদ

লগতে চাওকঃ লোকসভাত উত্থাপন জাতিধ্বংসী কেবঃ LIVE NEWS

ABOUT THE AUTHOR

...view details