নিউজ ডেস্ক, 11 ডিচেম্বৰ: কলিয়াবৰত প্ৰথমবাৰৰ বাবে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত ৷ চৰকাৰলৈ বুলি ক্ষুব্ধ ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ কেবৰ বিৰুদ্ধে কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদী সমদল মহকুমাধিপতিৰ কাৰ্যালয়লৈ ৷ শিক্ষক-শিক্ষয়িত্ৰীয়েও কৰিলে অংশগ্ৰহণ ৷
শিক্ষাৰ্থীৰ প্ৰতিবাদী সমদল মহকুমাধিপতিৰ কাৰ্যালয়লৈ মৰিগাঁও:মৰিগাঁৱতো আজি অব্যাহত কেব বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী সকলে পথৰ ওপৰত টায়াৰ জ্বলাই পথ অৱৰোধেৰে বিৰোধিতা কৰে কেবৰ ৷
মৰিগাঁৱতো অব্যাহত কেব বিৰোধী প্ৰতিবাদ লগতে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত চহৰখনৰ মাজ মজিয়াত অনুষ্ঠিত হয় পথসভা ৷ দুপৰীয়াৰ ভাগত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত বহুকেইজন ছাত্ৰ নেতা,প্ৰাক্তন ছাত্ৰ নেতাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কেব বিৰোধী শ্লোগান দি উদাত্ত কণ্ঠৰে ভাষণ আগবঢ়ায় ৷
সৰুপথাৰ:নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৰপথাৰ-জামুগুৰি সংযোগী পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে তামুলিগাঁৱৰ ৰাইজে ৷ ইফালে বিলগাঁৱতো আছু,ছাত্ৰ মুক্তি আৰু ৰাইজে অৱৰোধ কৰে ৰে'লপথ ৷ ইয়াৰ ফলত ডিব্ৰুগড় অভিমুখী জনশতাব্দী এক্সপ্ৰেছ খন স্তব্ধ হৈ পৰে ৷
স্তব্ধ ডিব্ৰুগড় অভিমুখী জনশতাব্দী এক্সপ্ৰেছ নলবাৰী :পৰীক্ষা এৰি ৰাজপথত কেব বিৰোধী প্ৰতিবাদত নামিল নলবাৰী পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰী ৷ বিভিন্ন কেব বিৰোধী শ্লোগানেৰে বাঁহজানী-চক বজাৰ পথত টায়াৰ জ্বলাই পথ অবৰোধ কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷
পৰীক্ষা এৰি ৰাজপথত নলবাৰী পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰী লগতে পঢ়ক:তিনিচুকীয়াত স্তব্ধ অইল ইণ্ডিয়া লিমিটেডঃপথ অৱৰোধ প্ৰতিবাদকাৰীৰ