অসম

assam

ETV Bharat / state

CAA আন্দোলন : এবছৰৰ পাচতো নিৰ্বিকাৰ শাসনৰ গাদীত অধিষ্ঠিতসকল - CAA আন্দোলন

ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো তীব্ৰতৰ হৈ পৰিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৷ শনিবাৰে নগাঁৱত ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনো জাতিধ্বংসী অভিহিত আইনখনৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

CAA আন্দোলন
CAA আন্দোলন

By

Published : Dec 12, 2020, 8:15 PM IST

নগাঁও, 12 ডিচেম্বৰ :সম্পূৰ্ণ এটা বছৰ পাৰ হ'ল CAA গৃহীত হোৱাৰ ৷ CAA গৃহীত হোৱাৰ পাচতে বিগত বৰ্ষৰ 12 ডিচেম্বৰৰ দিনটোতে ৰাজ্যত জ্বলি উঠিছিল একুৰা প্ৰতিবাদী দাৱানল ৷ সেই দাৱানলে উদং কৰি নিছিল 5 গৰাকীকৈ প্ৰতিবাদী সত্বাৰ মাতৃৰ আঁচল ৷ কিন্তু ইমানৰ পাচতো নিৰ্বিকাৰ হৈ থাকিল শাসনৰ গাদীত অধিষ্ঠিত বহু লোক ৷ সম্পূৰ্ণ এবছৰৰ পাচত পুনৰ শক্তিশালী ৰূপত আৰম্ভ CAA বিৰোধী আন্দোলন ৷ নগাঁৱত ছাত্ৰ সন্থাৰ গণ হুংকাৰ, ছাত্ৰ মুক্তিৰ জনতাৰ গর্জন ৷

ডবা, শংখ বজাই জাতিধ্বংসী অভিহিত আইন খনৰ বিৰুদ্ধে একপ্ৰকাৰ যেন যুদ্ধ ঘোষণা কৰিলে নগাঁও জিলা ছাত্ৰ সন্থাই

নগাঁও চহৰৰ শ্বহীদ ভৱনৰ সমীপত ডবা, শংখ বজাই জাতিধ্বংসী হিচাপে অভিহিত আইন খনৰ বিৰুদ্ধে একপ্ৰকাৰ যেন যুদ্ধ ঘোষণা কৰিলে নগাঁও জিলা ছাত্ৰ সন্থাই ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে শনিবাৰে নগাঁৱত ছাত্ৰ সন্থাই ৰূপায়ন কৰিলে গণহুংকাৰ কাৰ্যসূচী ৷ কোনো কাৰণতে ৰাজ্যত এই আইন বলৱৎ হ'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ গাত শ্বহীদৰ শাও লাগিব বুলি মন্তব্য কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে ৷

অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীৰে কৃষক মুক্তিৰ মুণ্ডন

আনহাতে ছাত্ৰ সন্থাই ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰে প্ৰাক্তন নেতা তথা জ্যেষ্ঠ অগপ নেতা গিৰিন্দ্ৰ কুমাৰ বৰুৱাই ৷ তেওঁৰ মতে, এই আইনখন গৃহিত কৰি চৰকাৰে সংবিধানৰ প্ৰস্তাৱনাৰ সন্মান হানি কৰিছে ৷ নেতাগৰাকীয়ে কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰখাৰো অভিযোগ উত্থাপন কৰে ৷

CAA আন্দোলন:এবছৰৰ পাচতো নিৰ্বিকাৰ শাসনৰ গাদীত অধিষ্ঠিতসকল

এই প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালকৈ শনিবাৰৰ দিনটোতে কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নগাঁও চহৰৰ হয়বৰগাঁৱত মুণ্ডন কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অখিল গগৈৰ ফটো সম্বলিত টি ছাৰ্ট পৰিধান কৰি কৃষক সংগঠনটোৰ নেতা কৰ্মীয়ে মুণ্ডনৰ পাচতেই প্ৰতিবাদী সমদল কৰি উপস্থিত হয় নগাঁও মহাবিদ্যালয়ৰ সমীপত ৷ নগাঁও মহাবিদ্যালয়ৰ সমীপত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰে জনতাৰ গর্জন কাৰ্যসূচী ৷ জনতাৰ গর্জন কাৰ্যসূচীত ৰাইজৰ দলৰ নেতা নজৰুল ইছলাম, চি পি আই, চি পি এম এলৰ লগতে কেবাটাও বাওঁপন্থী দলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীৰে কৃষক মুক্তিৰ ৰাজহুৱা মুণ্ডন

ABOUT THE AUTHOR

...view details