নগাঁও, 8 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন অব্যাহত থকাৰ সময়তে শনিবাৰে নগাঁৱত জোৰ সমদল বাহিৰ কৰে নগাঁও জিলা ছাত্ৰ সন্থাই । সন্ধিয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা নগাঁও চহৰৰ মাজেৰে উলিয়াই বৃহৎ প্ৰতিবাদী জোঁৰ সমদল । CAA বিৰোধী ধ্বনি দিয়াৰ লগতে শাসকীয় বিজেপি চৰকাৰৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে নগাঁও চহৰৰ আকাশ বতাহ । নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ লগতে ৩০ টা জাতীয় জনগোষ্ঠীয় সংগঠনে অংশগ্ৰহণ কৰে জোঁৰ সমদলত ।
CAA বিৰোধিতাৰে নগাঁৱত ছাত্ৰ সন্থাৰ জোঁৰ সমদল - নাগৰিকত্ব সংশোধনী বিধেয়ক
শনিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত বাহিৰ কৰে জোৰ সমদল ৷ নগাঁও জিলা ছাত্ৰ সন্থাকে ধৰি ৩০ টা জাতীয় জনগোষ্ঠীয় সংগঠনে অংশগ্ৰহণ কৰে জোঁৰ সমদলত ৷
![CAA বিৰোধিতাৰে নগাঁৱত ছাত্ৰ সন্থাৰ জোঁৰ সমদল নগাঁও](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6007037-1093-6007037-1581173154858.jpg)
CAA বিৰোধিতাৰে নগাঁৱত ছাত্ৰ সন্থাৰ জোঁৰ সমদল
CAA বিৰোধিতাৰে নগাঁৱত ছাত্ৰ সন্থাৰ জোঁৰ সমদল
জাতিৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত হোৱা পাঁচ গৰাকীকৈ শ্বহীদৰ কেঁচা তেজৰ মূল্য অসমবাসীয়ে দিব লাগিব বুলি মন্তব্য কৰি অসমবাসীক আন্দোলন অব্যাহত ৰাখিবলৈ আহ্বান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপমণি বৰাৰ । জাতিধ্বংসী এই নাগৰিকত্ব সংশোধনী আইন অসমৰ খিলঞ্জীয়া জনসাধাৰণে কোনো কাৰণত মানি নলয় বুলি মন্তব্য নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰি শংকৰ শইকীয়াৰ ৷
আৰু পঢ়কঃ নাহৰকটীয়াত টাই জনগোষ্ঠীয় মাইক' চুম ফাই উৎসৱ পালন