অসম

assam

ETV Bharat / state

নৱবৰ্ষৰ পহিলা দিনটোতো ৰাজ্যৰ বিভিন্ন স্থানত অব্যাহত থাকিল চি এ এ বিৰোধী প্ৰতিবাদ - CAA Protest

বিগত বৰ্ষত পোৱা-নোপোৱাৰ হিচাপ কৰাৰ বিপৰীতে ৰাজ্যবাসী পহিলা জানুৱাৰীৰ দিনটোত ব্যস্ত থাকিল নাগৰিকত্ব সংশোধনী আইন বাতিলৰ প্ৰতিবাদ সাব্যস্ত কৰাত ৷ ৰাজ্যখনৰ বঢ়মপুৰ,কাকপথাৰ,গুৱাহাটী,মৰিগাওঁ আদিত দেখা গ’ল পৃথক প্ৰতিবাদী কাৰ্যসূচী ৷

ৰাজ্যজুৰি প্ৰতিবাদী ঢৌ
নৱবৰ্ষৰ পহিলা দিনটোতো ৰাজ্যত চি এ এ বিৰোধী প্ৰতিবাদ

By

Published : Jan 2, 2020, 4:31 AM IST

বঢ়মপুৰ,1 জানুৱাৰীঃ বছৰৰ প্ৰথম দিনটোতে প্ৰতিবাদী কণ্ঠই উত্তাল কৰে বঢ়মপুৰ অঞ্চল ৷ বিগত বৰ্ষত পোৱা-নোপোৱাৰ হিচাপ কৰাৰ বিপৰীতে ৰাইজক ব্যস্ত থকা দেখা গ’ল নাগৰিকত্ব সংশোধনী আইন বাতিলকৰণৰ প্ৰতিবাদ সাব্যস্ত কৰাত ৷ অঞ্চলটোৰ কামপুৰত খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চই বুধবাৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

নৱবৰ্ষৰ পহিলা দিনটোতো ৰাজ্যত চি এ এ বিৰোধী প্ৰতিবাদ

প্ৰতিবাদী দলটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক মানসিক ৰোগী বুলি আখ্যা দিয়ে ৷ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰিছে কামপুৰ খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চই ৷

খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ প্ৰতিবাদ বঢ়মপুৰত

শদিয়াঃ ৰাজ্যত পূৰ্বৰ দৰে পৰিলক্ষিত নহ’ল নৱবৰ্ষৰ উচ্ছাহ-উদ্দীপনা ৷ বিগত বৰ্ষৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজ্যবাসী বিৰত থাকিল আড়ম্বৰপূৰ্ণভাৱে নৱবৰ্ষক আদৰাত ৷ বিপৰীতে কেউফালে কেৱল শুনা গ’ল জয় আই অসম ধ্বনি ৷ তিনিচুকীয়া জিলাৰ সদা ব্যস্ত কাকপথাৰতো নাই নৱবৰ্ষক আদৰাৰ বাবে কোনো উচ্ছাহ-উদ্দীপনা ৷ 31 ডিচেম্বৰৰ পৰা বৃহত্তৰ অঞ্চলটোৰ ৰাইজে পালন কৰে 30 ঘণ্টীয়া অনশন কাৰ্যসূচী ৷ ইফালে পহিলা জানুৱাৰীৰ পুৱা কাকপথাৰ প্ৰাথমিক স্বাস্থ্যখণ্ডৰ পৰা অহা চিকিৎসকৰ দলে অনশনকাৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে ৷

কাকপধাৰত ৰাইজে ল’লে 30 ঘণ্টীয়া অনশন কাৰ্যসূচী

লগতে অনশনস্থলীত ৰাইজে নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধ প্ৰতিবাদত শ্বহীদ হোৱা দীপাঞ্জল দাস,ছেম ষ্টেফ’ৰ্ড,দীজেন্দ্ৰ পাংগিং,ইশ্বৰ নায়ক,আব্দুল আলিম আৰু গজেন বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অনশনকাৰীসকলে ফলৰ ৰস খাই অনশন কাৰ্যসূচীৰ সামৰণি মাৰে ৷ উল্লেখ্য যে,নৱবৰ্ষৰ প্ৰথম দিনটোৰ সন্ধিয়াৰ ভাগত অঞ্চলটোত ঘৰৰ পদূলিত শ্বহীদসকলৰ স্মৃতিত এগচিকৈ বন্তি জ্বলাবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ৷

গুৱাহাটীঃ মহানগৰী গুৱাহাটীত অসম ছাত্ৰ সমাজে বুধবাৰৰ দিনটোত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কটন বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদী দলটোৱে অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ চি এ এ বাতিল নোহোৱা পৰ্যন্ত এই প্ৰতিবাদ অক্ষুণ্ণ থাকিব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে ছাত্ৰৰ দলটোৱে ৷ উল্লেখ্য যে,গুৱাহাটী বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকসকলৰ লগতে অন্যান্য বিষয়ববীয়াসকল সন্মিলিত হৈ এই বৰ্ষৰ প্ৰথমখন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।দলটোৱে চি এ এ বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ।

কটনৰ প্ৰৱেশদ্বাৰত সমৱেত ছাত্ৰ সমাজৰ প্ৰতিবাদ

প্ৰতিবাদস্থলীৰ পৰা কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই সম্প্ৰতি কাৰাৰুদ্ধ প্ৰতিবাদকাৰীসকলক শীঘ্ৰে মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনায় ৷ লগতে অসমীয়া জাতিৰ বিভিন্ন উৎসৱ-অনুষ্ঠানৰ পৰা বিজেপি কৰ্মীসকলক বিৰত থাকিবলৈ আহ্বান জনায় ৷

মৰিগাওঁঃ অসম প্ৰদেশ কংগ্ৰেছৰ পদযাত্ৰাকাৰী এটি দলে মৰিগাঁৱত বুধবাৰে সাব্যস্ত কৰে চি এ এ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী । দলটোৱে কাৰ্যসূচী অনুসৰি ৰহাৰ পৰা মৰিগাঁৱলৈ পদযাত্ৰা কৰে ৷ উক্ত পদযাত্ৰাত বহুকেইজন প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী-বিধায়কে অংশগ্ৰহণ কৰে । ইপিনে অসম চৰকাৰে ১৩ জানুৱাৰীৰ দিনটোত বিধানসভাত সংকল্প প্ৰস্তাৱ লোৱাৰ পোষকতা কৰে কংগ্ৰেছ দলটোৱে ৷ যাতে ৰাজ্যত অসম চুক্তিৰ পৰিপন্থী কোনো আইন কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে অসমত বলৱৎ কৰিব নোৱাৰে ৷

ৰিপুণ বৰাই চৰকাৰক দোষী সাব্যস্ত কৰে

ইপিনে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনকাৰীক উত্তেজিত কৰাৰ প্ৰসংগত মুখ খোলে কংগ্ৰেছৰ নেতাসকলে । প্ৰসংগটো উত্থাপন কৰি দলটোৰ নেতাসকলে কয় যে,মুখ্যমন্ত্ৰীয়ে নিজক চিকুটি চোৱা ভাল ৷ বিজেপিৰ স্বয়ং প্ৰধানমন্ত্ৰীকে ধৰি সভাপতি ৰঞ্জিত দাস,মৃণাল শইকীয়া আদিয়েহে ৰাইজক উচতনি প্ৰদান কৰিছিল বুলি অভিযোগ কৰে কংগ্ৰেছৰ নেতা-বিধায়কে ৷

লগতে চাওকঃডিচেম্বৰ মাহত ভাৰত চৰকাৰৰ 1,03,184 কোটি টকা জি.এছ.টিৰ ৰাজহ সংগ্ৰহ

ABOUT THE AUTHOR

...view details