ৰূপহীহাট,26 জুন: ৰূপহীহাটৰ জুৰীয়াত উদ্ধাৰ সজীৱ গুলী ৷ হত্যাৰ অভিযোগত অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ হয় পাঁচটাকৈ সজীৱ গুলী। এগৰাকী মহিলাক নিশা শুৱাপাটিতে গুলীয়াই হত্যা কৰি ডকাইতি কাৰ্য সংঘটিত কৰা ঘটনাৰ মূল অভিযুক্ত ইজাজুল ইছলাম ওৰফে ইজুক সোমবাৰে জুৰীয়াৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱাৰ পিছত বুধবাৰে ধৃত ডকাইতটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ধিংবৰী অঞ্চলৰ পৰা লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে পাঁচটাকৈ সজীৱ গুলী। ইয়াৰে তিনিটা গুলী নাইন এম এম পিষ্টলৰ ৷
জুৰীয়াত উদ্ধাৰ পাঁচটাকৈ সজীৱ গুলী - সজীৱ গুলী
ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ধিংবৰী অঞ্চলৰ পৰা লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে পাঁচটাকৈ সজীৱ গুলী ।
জুৰীয়াত উদ্ধাৰ পাঁচটাকৈ সজীৱ গুলী
উল্লেখ্য যে,বহুকেইটা হত্যাকাণ্ড,ডকাইতি ঘটনাৰ সৈতে জড়িত ধৃত ইজু কেইমাহমানৰ পূৰ্বে জুৰীয়াৰ বগৰীগুৰিত সংঘটিত এক লোমহৰ্ষক হত্যা কাণ্ডত মূল অভিযুক্ত হিচাপে আটক কৰে জুৰীয়া আৰক্ষীয়ে ৷ বগৰীগুৰিত নিশা ফকৰউদ্দিন নামৰ লোকজনৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ গৈ গুলীয়াই হত্যা কৰিছিল ফকৰউদ্দিনৰ পত্নী হাচপিন বেগমক। আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি পলাই থকা ইজুক সোমবাৰে নিশা ধিংবৰী চাপৰিৰ পৰা আটক কৰে জুৰীয়া আৰক্ষীয়ে ৷