কলিয়াবৰ,15 জানুৱাৰী : আহোম যুগীয়া পৰম্পৰা ৰক্ষাৰ প্ৰয়াসেৰে কলিয়াবৰৰ ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীৰ পাৰত মাঘৰ পহিলা দিনটোতে আয়োজন কৰা হ'ল গোনা ম'হৰ যুঁজ প্ৰতিযোগিতা ৷ প্ৰায় কুৰিৰো অধিক ম'হে ভাগ লোৱা প্ৰতিযোগিতাখনত কেইবাটাও গোনা ম'হৰ তয়ানয়া যুঁজ দেখিবলৈ পোৱা যায় ৷
বিগত ৩০ বছৰ ধৰি পৰম্পৰা ৰক্ষা কৰি পূৱথৰীয়া যুৱক আৰু ম'হ পালকসকলে ভঁৰালী বৰুৱা পুখুৰীৰ পাৰত এই ম'হ যুঁজ অনুষ্ঠিত কৰি আহিছে। স্থানীয় এগৰাকী ম'হ পালকে সাংবাদিকক সম্বোধন কৰি কয়,এই সময়ত ম'হৰ শিঙত এক বিশেষ ধৰণৰ পোক হয় । সেই পোকবোৰ নোহোৱা কৰিবলৈকে ন্যায়ালয়ৰ নিষেধাজ্ঞা পিচতো আজি ম'হৰ যুঁজ আয়োজন কৰা হয় ৷