অসম

assam

By

Published : Sep 17, 2020, 6:18 PM IST

ETV Bharat / state

ৰূপহীহাটত মানসিক বিকাৰগ্ৰস্ত মহিলাক নৃশংস হত্যা

ৰূপহীহাটৰ গুণাবাৰীত সংঘটিত নৃশংস হত্যাকাণ্ড ৷ মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় কোনো অচিনাক্ত দুৰ্বৃত্তই ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

Brutally murdered mentally disable woman in Rupahihat nagaon assam etv bharat new
নৃশংস হত্যা

ৰূপহীহাট,17 ছেপ্তেম্বৰ:নগাঁৱৰ ৰূপহীহাটৰ গুণাবাৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ বুধবাৰে নিশা দলংপাৰ অঞ্চলৰ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় কোনো অচিনাক্ত দুৰ্বৃত্তই ৷ দলংপাৰৰ নিৰ্জন ঠাই এটুকুৰাত পৰি ৰোৱা মহিলাগৰাকীৰ মৃতদেহটো বৃহস্পতিবাৰে পুৱা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ মৃত মহিলাগৰাকীৰ দেহত স্পষ্ট আছিল আঘাতৰ চিন ৷ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি এয়া ধৰ্ষণজনিত হত্যাকাণ্ড বুলি অনুমান কৰি পৰিয়ালৰ লোকে খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰে প্ৰাথমিক তদন্ত ৷ উক্ত হত্যাকাণ্ডৰ ঘটনাই অঞ্চলটোতে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷ মৃত মহিলাগৰাকীৰ ঘৰ ৰূপহীহাটৰ তেলিয়া চাপৰিটুপত বুলি ৰাইজে চিনাক্ত কৰে ৷

মানসিক বিকাৰগ্ৰস্ত মহিলাক নৃশংস হত্যা

ABOUT THE AUTHOR

...view details