নগাঁও, 8 জানুৱাৰী: নিষিদ্ধ ড্ৰাগছে ছানি ধৰা নগাঁৱত জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs mission in Assam)। মঙলবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক অভিযানত পোহৰলৈ আহিছে ভাতৃ ভগ্নীৰ এটি যুটি ড্ৰাগছৰ বেহাত জড়িত থকাৰ তথ্য (Brother sister duo held in drugs case in Nagaon) ।
মঙলবাৰে দিনৰ ভাগত ৰূপহীহাটৰ পৰা ড্ৰাগছসহ মোবাৰক আলী নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী । পৰৱৰ্তী সময়ত নিশা নগাঁৱৰ জাজৰীত মোবাৰক আলীৰ ভগ্নী তছলি খাতুনৰ স্বামী গৃহতো আৰক্ষীয়ে চলাইছিল অভিযান । মানগাঁৱৰ জাজৰিত চলোৱা অভিযানত হেৰ'ইনসহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী (Drugs Peddler arrested in Nagaon) ।
ধৃত মহিলা গৰাকী মোবাৰক আলীৰ ভগ্নী তাছমিনা খাতুন (Drugs seized in Nagaon)। নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত জাজৰি থানাৰ আৰক্ষীৰ সহযোগত চলিছিল এই অভিযান । অভিযানৰ সময়তেই তিনিটাকৈ হেৰ'ইন ভৰ্ত্তি চাবোনৰ বাকচৰ লগতে আৰক্ষীৰ দলটোয়ে এখন স্কুটীও জব্দ কৰিবলৈ সক্ষম হয় ।