নগাঁও, 27 আগষ্ট: নগাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা । লম্পট ভিনীয়েকৰ যৌন নিৰ্যাতনৰ বলি হ'ল এগৰাকী ১২ বছৰীয়া কিশোৰী (Sexual assault and blackmailing)। নগাঁৱৰ চকীটোপৰ ভিনীয়েকৰ ঘৰত থকা চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত খুড়শালীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।
কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা সন্দৰ্ভত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী অৱগত হোৱাৰ পিছতেই আৰক্ষী আৰু চাইল্ড লাইনক অৱগত কৰে (Sexual Assault case)। লগে লগে আৰক্ষীয়ে কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে আটক কৰে লম্পট ভিনীয়েকক ।