অসম

assam

ETV Bharat / state

জুৰীয়াৰ বজাৰত ভংগ ক'ভিড প্ৰট'কল

চৰকাৰী নিৰ্দেশনাক আওকাণ কৰি ৰূপহীহাটৰ বজাৰলৈ ওলাই আহিছে একাংশ লোক ৷ মুখত মাস্ক পৰিধান নকৰাৰ লগতে কোনো ধৰণৰ সামাজিক দূৰত্ব মানি নচলাকৈ একাংশ লোক আৰু ব্যৱসায়ীয়ে বজাৰত ভীৰ কৰাত জুৰীয়া আৰক্ষীয়ে বন্ধ কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷

Broken covid protocol in juria market
জুৰীয়াৰ বজাৰত ভংগ ক'ভিড প্ৰট'কল

By

Published : May 9, 2021, 10:01 AM IST

ৰূপহীহাট,9 মে':ৰাজ্যত কৰ'ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যৰ বজাৰত দেখিবলৈ পোৱা গৈছে ব্যাপক ভীৰ ৷ চৰকাৰী নিৰ্দেশনাক আওকাণ কৰি একাংশ অসচেতন লোকে ভীৰ কৰিছেহি বজাৰত ৷ মুখত মাস্ক পৰিধান নকৰাৰ লগতে কোনো ধৰণৰ সামাজিক দূৰত্ব মানি নচলাকৈ ৰূপহীহাটৰ বজাৰলৈ ওলাই আহিছে একাংশ লোক ৷

জুৰীয়াৰ বজাৰত ভংগ ক'ভিড প্ৰট'কল

একেই দৃশ্য দেখা গ’ল জুৰীয়াৰ বজাৰত ৷ চৰকাৰী নিৰ্দেশনা তথা ক'ভিড প্ৰট’কলক ভৰিৰে মোহাৰি একাংশ লোক আৰু ব্যৱসায়ীয়ে বজাৰত ভীৰ কৰাত জুৰীয়া আৰক্ষী উপস্থিত হৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়াৰ লগতে ৰূপহীহাট চক্ৰ বিষয়াই কাপোৰৰ দোকানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে, শনিবাৰে নগাঁও জিলাৰ সকলো সাপ্তাহিক তথা দ্বি-সাপ্তাহিক বজাৰ নগাঁও জিলা দণ্ডাধীশে 15 দিনৰ বাবে বন্ধ ঘোষণা কৰিছিল ৷ কিন্তু আগন্তুক ঈদ উপলক্ষে সাপ্তাহিক বজাৰতকৈও অধিক লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে দৈনিক বজাৰসমূহত । এইক্ষেত্ৰত ৰূপহীহাট থানাৰ নিচেই ওচৰত থকা বজাৰখনত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নোহোৱাত ৰূপহীহাট আৰু জুৰীয়া আৰক্ষী-প্ৰশাসন আৰু বজাৰ পৰিচালনা সমিতিৰ ভূমিকা ৰহস্যজনক বুলি মন্তব্য কৰিছে সচেতন লোকসকলে ৷

লগতে পঢ়ক:পুনৰ প্ৰাণ পাই উঠিল ধুবুৰীৰ ৰূপসী বিমানবন্দৰ

ABOUT THE AUTHOR

...view details